এয়াৰ পিউৰিফায়াৰ এটা কিনোঁ

জ্যোতিশিখা দত্ত

ৰ’দ নপৰা মনটো
লাহে লাহে ভেঁকুৰীবলৈ
আৰম্ভ কৰিছে

সাম্প্ৰদায়িক ৰাজনীতিৰ জুই
উমি উমি জ্বলি আছে
দুৰ্নীতিৰ অঙঠা সদায়
ৰঙা হৈয়েই থাকে
ঠগ প্ৰৱঞ্চনাৰ বিষাক্ত গেছৰ কথা
নকলোৱেই যেনিবা
সকলোবোৰ মিলি
এনে এটা প্ৰদূষণৰ সৃষ্টি কৰিছে
যে ই অস্তিত্বৰ আকাশখন ছানি ধৰিছে

আকাশখন মুক্ত নহলে
ৰ’দো মনৰ দুৱাৰ নাপাব,
তথাপিও দিয়কচোন
ভেঁকুৰী যোৱা আচাৰ বা পাওৰুটিৰ দৰে
মনটোক জানো পেলাই দিব পাৰি ?

কথা এটা ভাবিছোঁ
‘মুক্ত কন্ঠ’ ৰ এয়াৰ পিউৰিফায়াৰ
এটা কিনোঁ
প্ৰদূষিত বায়ু প্ৰদূষণ মুক্ত কৰোঁ।
মুক্ত আকাশৰ তলত মনটোক
পুনৰ ৰ’দ লাগিবলৈ দিওঁ l

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here