“আহোম যুগৰ নাৰীৰ ৰাজনৈতিক চেতনাবোধ”

লিপিকা ভূঞা

“এই ইতিহাস
লিখা আছে
মানুহৰ বুকুৰ তেজেৰে
এই তেজৰ স্পন্দনত জীয়াই থকাৰ স্বপ্ন
উজাগৰে থাকে! “

—— “কিহৰ বুৰঞ্জী!”

পৃথিৱীৰ সকলো জাতিৰে ইতিহাসত , সভ্যতাৰ বিকাশত নাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ‘নাৰী’– দুটা বর্ণৰ এই শব্দটোৱে বহন কৰে গভীৰ তাৎপর্য তথা বিশেষ মহত্ত্ব৷ নাৰীক নানা ৰূপেৰে বিভূষিত কৰা হয়৷ নাৰী– অনন্যা, মহীয়সী, মমতাময়ী, ত্যাগময়ী, শক্তিদায়িনী, সভ্যতাৰ ভূষণ ৷

নাৰী সহনশীল আৰু নমনীয় তথা চেতনাকায় ৷ সংসাৰ যাত্রাত বিভিন্ন ৰূপত, বিভিন্ন পদক্ষেপত নাৰীৰ ভূমিকা তুলনাবিহীন। নাৰী–পুৰুষ উভয়ৰ অৱদানতেই প্রৱহমান সৃষ্টি প্রক্রিয়া৷ ‘নাৰী’ হৈছে উৎপাদিকা শক্তি, যাক মানুহে প্রকৃতি বুলি কয়৷ ইংৰাজীত কোৱা হয়–’Man is product by Nature’.যেতিয়াই অন্যায়, অনুচিত আদিৰ বিৰুদ্ধে নাৰী শক্তি জাগি উঠে, তেতিয়াই কুসুমকোমল নাৰীগৰাকী হৈ পৰে বজ্রহূদয়া৷ যুগ – যুগান্তৰে পাণ্ডিত্য, শক্তি তথা সামৰ্থ্যৰ বলেৰে ৰাজনৈতিক ক্ষেত্ৰকে ধৰি সামাজিক, অৰ্থনৈতিক ইত্যাদি সকলো দিশতে স্বকীয় কৃচ্ছসাধনাৰে প্ৰজ্বলিত হ’বলৈ সক্ষম হৈছে।

আহোম ৰাজবংশৰ গৌৰৱোজ্জল ছশ বছৰীয়া ৰাজত্বকালৰ ৰাজনৈতিক পৰিকাঠামো সুন্দৰ- সুঠাম কৰি ৰখাৰ ক্ষেত্ৰত কেৱল ৰাজণ্যবৰ্গৰে দৃঢ় প্ৰচেষ্টা আছিল তেনে নহয়,বৰঞ্চ ৰমণীসকলৰো অতুলনীয় অৱদান অনস্বীকাৰ্য্য। এই যুগৰ নাৰীৰ বিচৰণ ক্ষেত্ৰ বৰ্ণাঢ্য তথা বিচিত্ৰ। ৰণক্ষেত্ৰ , ৰাজকীয় কাৰুকাৰ্য্য, বৈদেশিক সম্পৰ্ক আদি বহু ক্ষেত্ৰতে তেওঁলোকৰ সুনিপুণ দক্ষতা ,চেতনাময় স্থিতি পৰিস্ফূট হৈ উঠিছে।

ৰাজনৈতিক চেতনাবোধ আৰু বীৰত্বৰ বিৰল চানেকিৰে সপ্ৰতিভ বৰঙণি আগবঢ়াই থৈ যোৱা এই সকল বিদূষী নাৰীৰ ভিতৰত চাঁও চিংকুঁৱৰী , মূলাগাভৰু,ৰমনী গাভৰু, জয়মতী কুঁৱৰী ,কুৰঙ্গনয়নী,ফুলেশ্বৰী কুঁৱৰী সোনামতী,সোনাদৈ আৰু ৰমণী, লাহৰী, মনোমতী অন্যতম। কিছুসংখ্যক বুৰঞ্জীয়ে চাঁও – চিং কুঁৱৰী বুলিও পৰিচয় দিয়ে যদিও ছু-ক্লেন-মুঙ স্বৰ্গদেওৰ কুঁৱৰীৰ নাম নাং-টেন-খাম। বুদ্ধিমতী আৰু বিদূষী এইগৰাকী মহিলা নৰা ৰজাৰ জীয়ৰী। স্বৰ্গদেউ গড়গঞা ৰজাৰ ৰাজত্ব কালত ব্ৰহ্মদেশৰ উত্তৰ অংশৰ নৰা ৰাজ্য আৰু দক্ষিণৰ মান ৰাজ্যৰ সীমা বিবাদৰ বাবে হোৱা ৰণত ছুক্লেন মুং স্বৰ্গদেউৰ সহায়ত নৰা ৰজাই জয়লাভ কৰিবলৈ সক্ষম হৈছিল।সেয়েহে নৰা ৰজাই মিত্ৰতাৰ পাশত আবদ্ধ হৈ তেওঁৰ শিক্ষিতা ৰাজকুমাৰী নাং-টেন-খামক সালংকৃতা কৰি ছু-ক্লেন-মুউ স্বৰ্গদেউলৈ বিয়া দিছিল। স্বৰ্গদেৱে ৰাজ্য ভাৰ হাতত লৈ ৰাজ্যৰ ৰাজধানী চৰগুৱাৰ পৰা গড়গাঁৱলৈ তুলি আনিলে।নতুন ৰাজধানীখন পৰিপাটীকৈ সজোৱাত ৰাণী চাও-চিং-কুঁৱৰীৰ দিহা পৰামৰ্শ মানিলৈ স্বৰ্গদেৱে গড়গাঁও নগৰ খন গড়েৰে মেৰাই ল’লে। “নগৰৰ চাৰিওফালে গড় হব লাগে। তেহে ভাল”। ৰাণীৰ অনুৰোধ স্বৰ্গদেৱে মানি ললে আৰু ৰজাৰ কাৰেংঘৰৰ মাজলৈ চাৰিওফালে গড় বান্ধি নগৰ খন পৰিপাটীকৈ সজালে । এই তিনি খাপৰ গড় হ’ল (১) ইটা গড়(২)ভিতৰ গড় আৰু (৩)বাজ গড়। বাজগড়ৰ বাহিৰ ফালে গাতে লগাই আহল বহল আৰু দকৈ গড়খাৱৈ খন্দালে ।বহি শত্ৰুৱে সহজে নগৰ সোমাব নোৱাৰাকৈ প্ৰহৰীৰ ব্যৱস্থা কৰিলে আৰু গঁড়খাৱৈ পাৰ হব নোৱাৰাকৈ পানীপূৰ্ণ কৰি ৰাখিলে। ফলশ্ৰুতিত আহোম ৰাজত্ব কালত গড়গাঁও প্ৰায় আঢ়ৈশ বছৰ ৰাজ্যৰ স্নায়ু কেন্দ্ৰ হৈ পৰিল।

গড়গাঁওত নিমাৰ্ণ কৰা ৰজাৰ বাসস্থানৰ কাঠ বাহৰ কাৰেং ঘৰটোও চিএ ভাস্কৰ্যৰে চকুত লগাকৈ নিমাৰ্ণ কৰি লোৱা হৈছিল।

মিৰজুমলাৰ লগত অসমলৈ অহা মোগল ইতিহাসবিদ চিহাবুদ্দিন তালিছে কাৰেং ঘৰৰ সৌন্দৰ্য্যত মুগ্ধ হৈ এনেদৰে মন্তব্য আগবঢ়াইছিল , “ৰজাৰ চোলং (হোলং) ঘৰটো দীঘে ১২০ হাত, পথালিয়ে ৩০ হাত; এই ঘৰত ৬৬টা স্তম্ভ। প্ৰত্যেকটো বিতোপন স্তম্ভৰ বেৰ বা পৰিধি ৪ হাতকৈ। ঘৰটোৰ চালবোৰ আচৰিত কৌশল খটূৱাই কাঠৰ কাৰুকাৰ্যৰে সুশোভিত কৰা। সেই অৱস্থাৰ পৰা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ হাতত আটকধুনীয়া ৰাজপ্ৰাসাদলৈ পৰিণত হ’ল গড়গাঁৱৰ কাৰেং ঘৰ। “ৰাণীৰ পৰামৰ্শই গুৰুত্বপূৰ্ণ ভূমিকা কৰা কাৰেংঘৰৰ সুশোভিত সৌন্দৰ্য্যত আছিল চাঁও চিং কোঁৱৰীৰ পৈণত হাতৰ পৰশ আৰু ভৱিষ্যত ৰাজনৈতিক চিন্তা।ফলশ্ৰুতিত পৰৱৰ্তী কালত গড়গাঁৱে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

জয়ধ্বজ সিংহ স্বৰ্গদেওৰ ৰাজত্ব কালত মুছলমান সেনাপতি মীৰজুমলাই অসম আক্ৰমণ কৰি গড়গাঁও অধিকাৰ কৰাৰ পূৰ্বে স্বৰ্গদেউ পলাই চৰাই খোৰোঙত আশ্ৰয় লৈ ভগনীয়া ৰজাৰ পৰিচয় দিব লগা হৈছিল। কিন্তু ১৬২২ চনত বাৰিষাই প্ৰৱল ৰূপ ধাৰণ কৰাত বানপানীৰ লগত অনভিজ্ঞ মুছলমান সৈন্যৰ বিপৰ্য্যয় নামি আহিল।ফলস্বৰূপে বহু মোগল সৈন্যৰ ৰোগত মৃত্যু হয় আৰু বহু সৈন্য আহোম সৈন্যৰ হাততো মৃত্যু হল।উপায়হীন হৈ মীৰজুমলাই সন্ধিৰ প্ৰস্তাৱ দিলে।সন্ধিৰ চৰ্ত মতে জয়ধ্বজ সিংহ স্বৰ্গদেৱে ‍১০০ বন্দী,১০০বেটী,৪০টা হাতী,২০০০ তোলা সোণ ,ছয় জন বিষয়াৰ ল’ৰা ৰ যৌতুক সহ ৰজাৰ জীয়ৰী ৰমণী গাভৰুক দিল্লীৰ বাদশ্বাহলৈ বিয়া দিব লগা হ’ল। সেইসময়ত ৰমণী গাভৰুৰ বয়স আছিল মাত্ৰ ছয় বছৰ । ৰমণী গাভৰুৱে অচিন দেশৰ অপৰিচিত পৰিৱেশত মোগলৰ হেৰেমত থাকি ডাঙৰ দীঘল হ’ল আৰু উপযুক্ত বয়সত আজমতাৰৰ লগত বিয়া হ’ল।কিন্তু দেশ বৈৰী বিদেশীৰ মাজত থাকিও এইগৰাকী আহোম ৰমণীয়ে সু-হৃদয়েৰে স্বদেশ আৰু স্বজাতিৰ মঙ্গল কামনা কৰি গৈছিল। ৰমণী গাভৰুৰ মোমায়েক হ’ল লালুকসোলা বৰফুকন। এইজন আত্মাভিমানী আহোম ৰাজ- বিষয়াৰ কু-চক্ৰান্তৰ বলি হৈ আতন বুঢ়াগোহাঞিকে প্ৰমূখ্য কৰি আহোম ৰাজ্যৰ কেইবাজনো ডাঙৰীয়া আৰু ৰাজকোঁৱৰে মৃত্যু মুখত পৰিব লগীয়া হৈছিল । ৰাজ্যৰ সৰ্বেসৰ্বা হোৱাৰ লালসাতে তেওঁ মোগলৰ পৰা চাৰি লাখ টকা লৈ বিনাযুদ্ধ গুৱাহাটী এৰি দিবলৈ লোৱা সিদ্ধান্তৰ কথা জানিব পাৰি ৰমণী গাভৰুৰ অন্তৰ আত্মাই হাহাকাৰ কৰি উঠিছিল । লালুকসোলাৰ দেশদ্ৰোহী প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিবৰ কাৰণে ৰমণী গাভৰুৱে মইনা লিগিৰাৰ যোগে মোমাইদেউলৈ বাৰ্তা পঠিয়াই কৈছিল বোলে “মোমাইদেউ তুমি মোগলৰ সাগৰত মজিছা সাৱধান, মোগলৰ তলা নলাৰ সম্ভেদ মইয়ে পাওঁ।অসমী আইৰ বুকুৰ আগ মঙহ ডুখৰি বঙালক দলিয়াই দিয়াৰ কথা সপোনতো নাভাবিবা । তাৰ পৰিমাণ কাললৈকে ভাল নহব। গোটেই দেশখন বঙালৰ ধোঁৱাৰ পাত হব আৰু আমাৰ পৰিয়ালৰ কুযশ এটা চিৰ কাললৈক ৰৈ যাব। কোমল বয়সতে মোগলক সোধাই দিয়া আৰু পিছত মোগল বোৱাৰী হোৱা ৰহমত বাণুৱে অসমৰ স্বাধীনতা অটুট ৰাখিবলৈ সীমাবদ্ধ সুবিধাৰ মাজতো অপ্ৰাণ চেষ্টা চলাইছিল। কিন্তু ক্ষমতালোভী লালুকসোলাই জানো ৰমণী গাভৰুৰ কথা শুনিলে। মোগলৰ হেৰেমত থাকিও অসম আৰু অসমীয়াৰ প্ৰতি থকা এনে দেশপ্ৰেম প্ৰেৰণাৰ উৎস।

যুদ্ধক্ষেত্ৰত নাৰীঃ

১৯৩২ খ্ৰী.ত বঙ্গদেশীয় মুছলমান সেনাপতি তুৰ্বকৰ সৈতে হোৱা কচোৱাৰ ৰণত ফ্ৰাচেমুঁ বৰগোহাঁঞিকে ধৰি আঠজন আহোম সেনাপতিৰ মৃত্যু হয় আৰু বৰগোহাঁঞিৰ পত্নী মূলা গাভৰুৱে নাৰী বাহিনী এটাৰ নেতৃত্ব বহন কৰি পৰাক্ৰমেৰে যুঁজি যুদ্ধক্ষেত্ৰতে প্ৰাণ হেৰুৱাইছিল। পদ্মনাথ গোহাঁঞিবৰুৱাই “পুৰণি আহোম বুৰঞ্জী”ৰ উদ্ধৃতি দি উল্লেখ কৰিছে যে ফ্ৰাচেংমুং বৰগোহাঁঞিয়ে ৰণলৈ ওলাই গাভৰুক কবচ কাপোৰ খোজাত গাভৰুৱে দিৱ নোৱাৰি বৰগোহাঁঞিদেৱক ৰণক্ষেত্ৰলৈ যাবলৈ দিব নুখুজিছিল। ৰণক্ষেত্ৰত গিৰিয়েকৰ মৃত্যুৰ বাতৰি পাই মূলা গাভৰুৱে স্বামীহন্তা তুৰ্বকৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে দৃঢ় সংকল্প ললে । তেওঁ নিজ এটা নাৰী সৈন্য বাহিনী গঠন কৰিলে । এই বাহিনীত কেইবাগৰাকী ডাঙৰীয়াৰ পত্নীয়েও সহযোগ কৰিলে। নাৰী বাহিনীৰ নেতৃত্ব লৈ পুৰুষৰ সাজ পিন্ধি লাংজি নামৰ হাতীৰ পিঠিত উঠি হাতত খোলা তৰোৱাল লৈ ৰণচণ্ডী মূৰ্তি ধৰি মূলাগাভৰু মোগল সৈন্য ৰ মাজত সোমাই গ’ল। ইয়াকে দেখি মোগল সৈন্যৰ মাজত চাঞ্চল‍্যৰ সৃষ্টি হ’ল আৰু আহোম সৈন্য সকল দূগুণ উৎসাহিতহৈ মোগল সৈন্যৰ ওপৰত জপিয়াই পৰিল। চাৰি দিন ধৰি মুছলমান সৈন্যৰ লগত দেশৰ অখণ্ডতাৰ হকে যুদ্ধ কৰি শেষত মূলাগাভৰুৱে তুৰ্বকৰ হাতত প্ৰাণ দিলে। সাতসৰী অসম বুৰঞ্জীত আছে -“তুৰ্বকৰ যুদ্ধত মূলাগাভৰুৰ মৃত্যু, সেই যুদ্ধত আমাৰ ফ্ৰাচেংমুঙ বৰগোহাঁঞি পৰিল। ঘাৰণীয়েক ৰজাৰ জীয়ো পৰিল। গৰ্গয়া ৰজাৰো পিছত এঘা. হাতত এঘা মাৰিলে, মহাৰণ হ’ল‍‌‍ ।”

মূলাগাভৰুৱে দেশৰ বাবে মৃত্যু বৰণ কৰিলে যদিও তেওঁৰ সাহস আৰু উদ্যমে অসমীয়া সৈন্যক দুগুণ উৎসাহ আৰু অনুপ্ৰেৰণা যোগালে। অৱশেষত এই যুদ্ধত আহোম সৈন্যই জয়লাভ কৰিলে।মূলাগাভৰুৰ দেশপ্ৰেম, পতিপ্ৰেম আৰু সাহসে আজিও অসমীয়া ৰমণীৰ সাহস , বীৰত্ব আৰু দেশপ্ৰেমৰ প্ৰতীক বহন কৰি আছে। যুদ্ধলৈ যাত্ৰা কৰাৰ সময়ত মূলাগাভৰুৱে কৈছিল – “মই সময়মতে কবচ কাপোৰ দিব নোৱাৰাতহে মোৰ বঙহৰদেওৰ এনে দশা হ’‍‌‌ল। যি ৰণত বৰগোহাঞিদেৱ প্ৰাণ ত্যাগ কৰিলে মইও সেই ৰণলৈ গৈ প্ৰাণৰ মায়া এৰি যুদ্ধ কৰিম ।” মূলাগাভৰুৱে দেখুৱাই গ’ল যে স্বভাৱতে কোমলাঙ্গী অৱলা তিৰোতা দুৰ্বল নহয়। মহীয়সী বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব, দেশপ্ৰেম,ৰাজনৈতিক সচেতনতা আৰু জাতি প্ৰেমৰ কথা ইতিহাসে আজিও ৰিঙিয়াই আছে ।

সেই সময়ৰে অন্য দুগৰাকী বীৰাঙ্গনা আছিল মোৱামৰীয়া বিদ্ৰোহত প্ৰবল বীৰত্ব দেখুওৱা মৰাণ সেনাপতি বাঘ মৰাণৰ দুই পত্নী ৰাধা আৰু ৰুক্মিণী। হৰনাথ ভিতৰুৱাল ফুকনৰ বাহিনীৰ লগত ডিব্ৰু নৈৰ পাৰত মৰাণৰ যি ৰণ হৈছিল সেই ৰণত ৰাধা আৰু ৰুক্মিণীয়ে পুৰুষৰ লগত ধনু কাড় লৈ যুঁজিছিল।গোহাঁঞিবৰুৱাৰ অসমৰ বুৰঞ্জীৰ অনুসৰি এই তিৰোতা দুগৰাকী বৰ চতুৰা আছিল আৰু গুপুতে ৰণ কৌশল জনা বাবে গাত ধলুক কাড় কিম্বা হিলৈৰ গুলী লগাব নোৱাৰিছিল।সেই আপাহতে বিপক্ষৰ কোনো চোৰাংচোৱাই ৰাজকীয় সাম্যৰ মাজত জনৰৱ প্ৰচাৰ কৰি দিলে যে ৰাধা-ৰুক্মিনীয়ে উৰি অহা দন্দুকৰ গুলি আঁচল পাতি ধৰে।সাক্ষাত ৰণচণ্ডীয়েহে যেন ৰাধা-ৰুক্মিনী ৰূপত আহোম সেনাৰ লগত ৰণ দিছেহি। এই কথা বিয়পি পৰাৰ লগে লগে আহোম সেনা পলাবলৈ ধৰিলে আৰু নিঃসহায় সেনাপতি ভিতৰুৱাল ফুকন মৰাণৰ হাতত বন্দী হল।
এইদৰে নাৰীয়ে যুদ্ধক্ষেত্ৰত ভাগ লোৱাৰ উদাহৰণ কম যদিও প্ৰয়োজনত নাৰীয়ে যুদ্ধত জঁপিয়াই পৰাৰ বীৰত্বক নসাৎ কৰিব নোৱাৰি।

বৈদেশিক সম্পৰ্কৰ ক্ষেত্ৰত আহোম ৰমণীৰ ভূমিকা:-

চুকাফাৰ ৰাজত্বকালৰ সময়ৰে পৰা মানৰ আক্ৰমণৰ সময়লৈকে আহোম ৰাজত্বৰ কালছোৱাত কছাৰী, বৰাহী, মণিপুৰী,নগা আদি সৰু বৰ ৰাজ্যৰৰপৰা আৰম্ভ কৰি দিল্লীৰ মোগল বাদছাহ, ব্ৰক্ষ্মদেশৰ মান ৰজালৈকে বিভিন্ন জনৰ লগত আহোম স্বৰ্গদেউ সকলে কন্যা দানেৰে মিত্ৰতা স্থাপন কৰিছিল। সাধাৰনতে যুদ্ধ এখনৰ পিছত পৰাজিত ৰজাই বিজয়ী ৰজাৰ লগত মিত্ৰতা স্থাপন কৰাৰ অৰ্থে কন্যাদান কৰা দেখা গৈছিল। স্বৰ্গদেউ চুকাফাই সৌমাৰত প্ৰবেশ কৰি মৰাণ আৰু বৰাহী ৰজাক যুদ্ধত পৰাস্ত কৰি তেওঁলোকৰ কন্যাক বিয়া কৰাই মিত্ৰতা স্থাপন কৰাৰ কথা বুৰঞ্জীৰ পাতে পাতে বিড়জিত। অৱশ্যে সমলৰ অভাৱত কন্যা দুগৰাকীৰ নাম আজিকোপতি উপলব্ধ হোৱা নাই।

খ্ৰী.১২৯৩-১৩৩২ ত স্বৰ্গদেউ চুখাংফাই কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণক যুদ্ধত পৰাস্ত কৰি ৰজাৰ কন্যা ৰাজনী আৰু ভজনিক বিয়া কৰাই মিত্ৰতাৰ সূত্ৰত আবদ্ধ হৈছিল। স্বৰ্গদেউ চুক্লেংমুং বা গড়গঞা ৰজাৰ নৰা কুঁৱৰী চাওচিঙৰ বিষয়ে আগত উল্লেখ কৰি অহা হৈছে।খ্ৰী. ১৬০৩-১৬৪১ স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্ব কালত কোঁচৰজা পৰীক্ষিত নাৰায়ণে মুছলমানৰ আক্ৰমণ আহোম ৰজাৰ সহায় পোৱাৰ উদ্দেশ্যে তেওঁৰ মঙ্গলদৈ নামৰ কন্যা আহোম ৰজালৈ বিয়া দি মিত্ৰতা স্থাপন কৰিছিল ।সেই গৰাকী স্বৰ্গদেৱৰ দিনতে কছাৰী ৰজা প্ৰতাপ নাৰায়ণলৈ এগৰাকী আহোমকন্যা বিবাহ দি মিত্ৰতা স্থাপন কৰা হয়। খ্ৰী. ১৬৪৭-১৬৬৩ ত জয়ধ্বজ সিংহৰ দিনত মোগল সম্ৰাট ঔৰঙ্গজেৱৰ প্ৰতিনিধিত্বত বঙ্গৰ নৱাব মিৰজুমলাই আহোম ৰাজ্য আক্ৰমণ কৰে আৰু যুদ্ধত হাৰি আহোম ৰজাই মোগলৰ লগত সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায় আৰু সেই প্ৰস্তাৱ অনুসৰি স্বৰ্গদেৱে নিজৰ নাবালিকা কন্যা ৰমণী গাভৰুক মোগল হেৰেমলৈ পঠিয়াবলগীয়া হয়।

স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা এগৰাকী মহিয়সী আহোম ৰমণী হ’ল কুৰঙ্গনয়নী। মণিপুৰৰ ৰজা জয় সিংহৰ কন্যা হ’ল কুৰঙ্গনয়নী । এবাৰ জয়সিংহৰ ৰাজ্য মানসকলে আক্ৰমণ কৰিছিল। সেইসময়ত আহোম স্বৰ্গদেউ ৰাজশ্বৰ সিংহই মণিপুৰৰ ৰজাক সৈন্য দি সহায় কৰাৰ সূত্ৰে ৰজা হয়। জয়সিংহই নিজৰ প্ৰতিদান হিচাপে নিজৰ জীয়েক কুৰঙ্গনয়নীক আহোম স্বৰ্গদেউলৈ বিয়া দি মিত্ৰতা পাশত আবদ্ধ হয়। ১৭৬৯ চনত ৰাজশ্বৰ সিংহৰ মৃত্যু হোৱাৰ পিছত লক্ষ্মী সিংহ ৰাজপাটত উঠিল। তেতিয়া তেওঁ কুৰঙ্গনয়নীক বিধৱা ৰাণীৰ মৰ্য্যদাৰে ৰাখিলে। পিছে এইজন স্বৰ্গদেউৰ ৰাজত্ব কালত মোৱামৰীয়া বিদ্ৰোহে দেশত গা কৰি উঠে। এদিন মোৱামৰীয়া বিদ্ৰোহীয়ে অতৰ্কিতে ৰাজনগৰত সোমাই লক্ষ্মী সিংহ স্বৰ্গদেউক ধৰি নি জয়সাগৰৰ দলত বন্ধী কৰি থলে ।তেতিয়া মোৱামৰীয়াৰ নাহৰ খুৰাৰ পুতেক ৰমাকান্তই নিজে ৰজা বুলি সিংহাসনত বহিল আৰু বাঘমৰাণক বৰবৰুৱা পাতিলে। মোৱামৰীয়া বিদ্ৰোহৰ অন‍্যতম হোতা বাঘমৰাণে কুৰঙ্গনয়নীৰ লগতে অন্য ডাঙৰীয়াৰ জীয়ৰীৰ বোৱাৰীকো বলেৰে নিজৰ ভাৰ্য্যা কৰিবলৈ ললে।কিন্তু কুৰঙ্গনয়নীয়ে প্ৰত‍্যুৎপন্নমতাৰে নিজৰ সতীত্ব বিসৰ্জন নিদিয়াকৈ বাঘমৰাণৰ পত্নীৰূপে থাকিও লক্ষ্মীসিংহক মুক্ত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিলে । ইফালে মোৱামৰীয়াৰ অতপালিত ৰাজ্যৰ ডা-ডাঙৰীয়া আৰু প্ৰজা বিবুদ্ধিত পৰিল। তেওঁলোক পৰিত্ৰাণৰ উপায় বিচাৰি তলে তলে প্ৰস্তুতি চলালে। দেশৰ এনে দুৰ্দিনত সংকট মোচনৰ অৰ্থে কুৰঙ্গনয়নীক মূখ্য ভূমিকা পালন কৰিবলৈ অনুৰোধ কৰিলে। তেতিয়া ১৭৭০ চনৰ বহাগ মাহ । কুৰঙ্গনয়নীৰ পৰামৰ্শ ক্ৰমেই ব’হাগৰ বিহুৰ দিনা মোৱামৰীয়াৰ সাজ পাৰ পৰিধান কৰি হুঁচৰি গোৱাৰ চলেৰে আহোম সৈন্যই মাজ ৰাতি বাঘমৰাণৰ ঘৰত উপস্থিত হ’ল আৰু জয়ধ্বনি দি হুঁচৰি গাবলৈ আৰম্ভ কৰিলে । ইতিমধ্যে বাঘমৰাণক বিহুৰ দিনা বেছিকৈ সাজ পানি খোৱাই কুৰঙ্গনয়নীয়ে তেওঁক নিচাগ্ৰস্ত কৰি ৰাখিছিল। হুঁচৰি গোৱাৰ লগে লগে কুৰঙ্গনয়নীয়ে বাঘমৰাণক শোৱাৰ পৰাই জগাই হুঁচৰি দলৰ সন্মুখলৈ আনে । কুৱঁৰীৰ কথা মতে বাঘমৰাণে নিজৰ তৰোৱাল এৰি হুঁচৰি গোৱা ৰাইজৰ সন্মুখত আঠু লওঁতেই কুৰঙ্গনয়নীয়ে নিজৰ তৰোৱাল খনেৰেই বাঘমৰাণৰ ডিঙিত ঘাপ দিলে । বাঘমৰাণ লগে লগে মাটিত ঢলি পৰিল । তেতিয়া আহোম সৈন্যই তাত থকা মোৱামৰীয়াক কাটি মাৰি শেষ কৰিলে । ৰজা ৰামনন্দকো বন্দী কৰি বধ কৰিলে আৰু জয়দলত বন্দী কৰি থোৱা লক্ষ্মী সিংহক মোকলাই আনি ৰাজ সিংহাসনত বহুৱালে । এইগৰাকী সাহসী, প্ৰত‍্যুৎপন্নমতী সম্পন্ন নাৰীৰ উপস্থিত বুদ্ধি আৰু সুদক্ষ ৰণ কৌশলৰ কাৰণেই আহোম ৰাজত্বৰ হেৰুৱা স্থিতি পুনৰ ঘূৰি আহিল। কুৰঙ্গনয়নী মণিপুৰী ৰজাৰ জীয়ৰী হোৱাৰ লগতে আছিল ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱে প্ৰধান মহিষী আহোম ৰাজত্বৰ এক জটিল সন্ধিক্ষণত কুৰঙ্গনয়নীৰ এনে দেশপ্ৰেম এক বিৰল দৃষ্টান্ত। তেওঁৰ ৰাজনৈতিক পৰিপক্কতাৰ কাৰণেই আহোম স্বগদেউ সকলৰ নিৰবিছিন্ন শাসন চলি থকাৰ ইন্ধন যোগালে।

ৰাজকাৰ্য তথা ৰাজনীতিত নাৰীৰ চেতনাবোধ:-

পিতৃতান্ত্ৰিক আহোম ৰাজতন্ত্ৰত নাৰীক সিংহাসনত বহুওৱা হোৱা নাছিল যদিও পৰিস্থিতিৰ পৰিপন্থীত কেইবাগৰাকীও বিদূষী নাৰীয়ে ৰাজ্য শাসনৰ ক্ষমতা লাভ কৰিছিল।

সেইসকলৰ ভিতৰত প্ৰথমগৰাকী নাৰী আছিল ৰজা ত্যাওখামটিৰ বৰঁকুৱৰী।ৰজা নিজে চুতীয়াৰ লগত হোৱা ৰণলৈ যাব লগা হোৱাত এই গৰাকী কুঁৱৰীয়ে ৰাজ্য শাসনৰ ক্ষমতা লাভ কৰিছিল আৰু সপত্নীৰ ঈৰ্ষাৰ বশৱতী হৈ সগৰ্ভা সৰু কুঁৱৰীক প্ৰাণে মৰাৰ পৰিবৰ্তে গোপনে ব্ৰক্ষ্মপুত্ৰত উটুৱাই দিছিল।ত্যাওখামটি মৃত্যুৰ পাছত সিংহাসনৰ অধিকাৰী নোহোৱাত সৰু কুঁৱৰীৰ পুত্ৰ চুডাংফা বা বামুণী কোঁৱৰক আনি ৰজা পতা হয়। প্ৰত্যক্ষভাবে ৰাজকাৰ্য পৰিচলনা নকৰাকৈয়ে ৰাজনৈতিৰ বিচক্ষণতাৰ পৰিচয় দিছিল স্বৰ্গদেউ চুক্লেংমুঙৰ পত্নী নৰী ৰজাৰ কন্যা চাওচিং কুৱৰীয়ে।

এইগৰাকী ৰাণীৰ পৰামৰ্শ মতেই ৰজাই দিখৌৰ পাৰলৈ ৰাজধনী তুলি নি চাৰিওফালে গড় বন্ধাই গড়গাঁও নাম দিছিল। তাৰোপৰি এইগৰাকী ৰাণীৰ পৰামৰ্শ অনুসৰিয়েই বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি হৈছিল বুলি জনা যায়।

দেশৰ ৰাজনীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আহোম ৰাজপৰিয়ালৰ আটাইতকৈ প্ৰখ্যাত আৰু সন্মানিত ৰমণীগৰাকী হৈছে মাদুৰীৰ লাইথেপেনা ৰবগোহাঞিৰ কন্যা আৰু গদাপানি কোঁৱৰৰ পত্নী জয়মতী কুঁৱৰী।ৰজাই অন্যায়ভাৱে অঙ্গ ক্ষত কৰিবলৈ বিচাৰি ফুৰা গদাপানিৰ বাতৰি দিবলৈ অস্বীকাৰ কৰা জয়মতীক অকথ্য শাস্তিৰে হত্যা কৰা হয়।

জয়মতীৰ মৃত্যুৰ বাতৰিয়ে আহোম ৰাজবংশৰ ইতিহাসৰ গতিধাৰাক সাল-সলনি কৰি দিছিল। গদাপাণি কোঁৱৰে ল’ৰাৰজাক পৰাস্ত কৰি ১৬৮১ খ্ৰী.ত সিংহাসনত আৰোহণ কৰাৰ পৰৱৰ্তীকালত দেশলৈ পুনঃ সুস্থিৰতা ঘূৰি আহে। দেশৰ হকে স্বামী হকে মৃত্যুবৰণ কৰা জয়মতী চিৰকাললৈ বীৰাংগণাৰুপে ইতিহাসৰ পাতত চিৰস্থায়ী হৈ ৰ’ল।

সাহস আৰু প্ৰতিবাদৰ জ্বলন্ত স্ফুলিঙ্গস্বৰূপ আন এগৰাকী আহোম ৰমণী হৈছে চুহুংমুং স্বৰ্গদেৱৰ কন্যা আৰু থাওমুংলুং বৰগোহাঞিৰ পত্নী নাংবক্ল গাভৰু। নাংবক্ল ১৫৮০ চনত পুতেকক কোঁচৰাজ্যলৈ জামিন স্বৰূপে পঠাবলৈ অমান্তি হৈ ৰজা আৰু বৰগোহাঁঞিক শুনুৱা নিৰ্ভীক তথা প্ৰতিবাদী উক্তি বুৰঞ্জীৰ পাতত জিলিকি আছে।

ৰজা শিৱসিংহৰ ৰাজত্ব কালৰ অষ্টম বছৰত জ্যোতিষীসকলে ছত্ৰভঙ্গ যুগ পৰা বুলি কোৱাত বৰকুঁৱৰী ফুলেশ্বৰীক বৰৰজা উপাধি দি ৰাজ ক্ষমতা প্ৰদান কৰা হয়। তেওঁৰ ৰাজত্ব কালত বিভিন্ন প্ৰজাহিতকৰ কাম কৰা হয় যদিও তেওঁৰ ধৰ্মীয় অসহিষ্ণুতাকে মোৱামৰীয়া বিদ্ৰোহৰ মূখ্য কাৰণ হিচাপে আঙুলিয়াই দিয়া হয়। তেওঁৰ পিছত ভনীয়েক অম্বিকা বা মদাম্বিকা কুঁৱৰী বৰৰজা হয়।

তৃতীয়গৰাকী বৰৰজা অনাদৰী বা সৰ্বেশ্বৰী কুঁৱৰীয়েও আগৰ দুগৰাকীৰ দৰেই প্ৰজাহিতকৰ কাম কৰিছিল।বদন বৰফুকনৰ কন্যা আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বোৱাৰী পিজৌ গাভৰুও আহোম যুগৰ ইতিহাসৰ আন এটা উল্লেখযোগ্য নাম।
পৰোক্ষভাৱে ৰাজকাৰ্যত জড়িত হৈ বিচক্ষণতাৰ পৰিচয় দিয়া আন এগৰাকী ৰমণী হৈছে কমলেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহৰ মাতৃ নুমলী ৰাজমাও। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আৰু লক্ষ্মী সিংহৰ পত্নী মনিপুৰী কুঁৱৰী কুৰঙ্গনয়নীয়ে মোৱামৰীয়া বিদ্ৰোহৰ নেতা বাঘমৰাণৰ হত্যাত আগভাগ লৈ অসমৰ ভাগ্যচক্ৰ নিয়ন্ত্ৰণ কৰিছিল।

আহোম যুগৰ আন এগৰাকী ইতিহাস প্ৰসিদ্ধ ৰাণী হৈছে চুতীয়া ৰজা ধৰ্মধ্বজৰ কন্যা আৰু নীতিপালৰ পত্নী সাধনী। পিতৃৰ অংগীকাৰ ৰক্ষাৰ অৰ্থে সাধনীয়ে সাধাৰণ গৰখীয়া লৰা নিতাইক বিয়া কৰাব লগা হৈছিল।নিতায়ে নীতিপাল নাম লৈ ৰাজ্য শসন কৰোঁতে সাধনীয়ে যথেষ্ট পৰিমাণে সহায় কৰিছিল । ১৫২৩ খ্ৰী.ৰ বহাগ মাহত সাত তাৰিখে চুহুংমুং দিহিঙ্গিয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰি চুতীয়াসকলক ৰণত পৰাস্ত কৰে আৰু ৰজা নীতিপাল ৰণত পৰে। ৰাণী সতী সাধনীয়ে চন্দনগিৰি পৰ্বতৰ ওপৰত আশ্ৰয় লৈ অন্যান্য নাৰীসকলৰ সৈতে পৰ্বতৰ শিল খহাই আহোম সৈন্যৰ প্ৰান নাশ কৰি কিছু পৰলৈকে আহোমক বাধা দি আছিল। অৱশেষত পৰাজয় সুনিশ্চিত বুলি জানি চুতীয়া ৰজাৰ পৰস্পৰাগত কুবেৰপ্ৰদত্ত সম্পত্তি সোণৰ মেকুৰী,ঢাল,তৰোৱাল আদি বুকুত বান্ধি পৰ্বতৰ ওপৰত পৰা জঁপিয়াই প্ৰণ আহুতি দিলে আৰু সেইদৰেই নিজৰ সতীত্ব তথা পিতৃপুৰুষৰ কুবেৰপ্ৰদত্ত সম্পত্তি ৰক্ষা কৰিলে।সতী সাধনীৰ স্বদেশ প্ৰেম আৰু বীৰত্ব আজিও প্ৰণিধানযোগ্য।

ঐতিহাসিক কালৰ পৰাই নাৰীশক্তিৰ অসংখ্য উদাহৰণ অসমত আছে ৷অসমীয়া ছোৱালী/বোৱাৰীৰ হিয়া ফুলতকৈও কোমল ,মন শিলতকৈও কঠিন ৷শক্তি ,বুদ্ধি,সাহসত অসমীয়া ছোবালী /বোৱাৰী কোনোদিনেই পিছপৰি থকা নাই৷ক’তজনৰ তেজেৰে ৰাঙলী ইতিহাস; আইৰ বাবে হাঁহি হাঁহি নিজৰ সকলো ত্যাগ কৰা বীৰ সকলৰ বলিদান আমাৰ স্বাধীনতাৰ মূল আধাৰ।
এটা বা দুটা দিনৰ বাবেই নহয়, এই বলিদানী বীৰ, বীৰাঙ্গনা হওঁক , জীৱনৰ প্ৰতি ক্ষণৰ অনুপ্ৰেৰণাৰ গতিধাৰ।। অতীজৰে পৰা বৰ্তমানলৈকে কনকলতাৰ পৰা মূলাগাভৰু -জয়মতীলৈকে চালে দেখা যায় একো একোগৰাকী নাৰী়য়ে বিভিন্ন ৰূপত নিজস্ব দক্ষতাৰে তত্ত্বগধুৰ দায়িত্ব পালন কৰি, অশেষ ত্যাগ স্বীকাৰ কৰি নিজৰ লগতে সামাজিক, ৰাজনৈতিক ,অৰ্থনৈতিক প্ৰত্যেকটো দিশতে সুনিপুণতাৰ পৰিচয় দি আহিছে৷সেয়ে এডৱাৰ্ড গেইট চাহাবে লিখিছে ,” নাৰীয়ে কোনোকালে নিজকে দুৰ্বল আৰু অযোগ্য বুলি পৰিচয় দিয়া নাই” সুসংস্কৃত সমাজ আৰু পুৰুষৰ মনে নাৰীৰ প্ৰগতিত হেঙাৰ নহৈ সহায়ক হ’লে হেলাৰঙে সমাজখন প্ৰগতিৰ দিশত আগবাঢ়ি যাব৷।

1 COMMENT

  1. বহুতো নতুন কথা শিকিলোঁ এই লিখনিৰাজিৰ পৰা। ধন্যবাদ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here