অব্যক্ত

প্ৰত্যাশী বৰুৱা

কেঁচা কলিজাত আৱেগ সামৰি
এটি ওঠে হাঁহি থাকে অহৰহ,
এজাক সপোনৰ আঁত ধৰি
হাঁহিটি বৈ থাকে_
ঢুকি নোপোৱা নিলগত তেওঁ
অথচ মোৰ উশাহত ভাহি আহে
সুগন্ধি পখিলাৰ সুবাস_
যৌৱনৰ জীয়া ৰাগিত
এহেজাৰ অনামী ঢৌৱে মোকো ধুৱাই,
আউল লগা জীৱনে তাতে খোপনি পোতে…
লিহিৰি লিহিৰি হেঁপাহে সপোনৰ কাৰেং সাজে,
থোপা থুপি অনুভৱ বোৰে বুকুতে মালা গাঠে ,
উজাই আহিলেই যে শিপা হেৰাই__
বেনামী হৈয়ে তেওঁ বৈ থাকক বুকু জুৰি অচিনা ৰাগৰ এটি মিঠা সুৰ হৈ !!

// শব্দ নহ’বি মোৰ আকলুৱা আৱেগ, ওঠে চুলেই ঠিকনা হেৰাব //

( তৰাফুলীয়া আকাশে মোলৈ মিচিকিয়াই,
জোনাকী দলিচাত গোপনে গুপুতে
আমি এক হোৱাৰ কাহিনী হেনো তেৱোঁ ৰচে…..)

LEAVE A REPLY

Please enter your comment!
Please enter your name here