এবচাৰ্ড

মামণি দাস

মোৰ মূৰটো উতলি আছে
সমুখৰ গাখীৰখিনি উতলি অহালৈ চাই এনে লাগিছে যেন
মোৰ মূৰটোও উজাই আহিব খুজিছে

ম‌ই বহা বেঞ্চখনৰ ঘূণে ধৰা কাঁঠ সেমেকি গৈছে
শামুকৰ লেলাউটিৰ এঁঠাই সেইখন ধৰি আছে
কিছু সময়ৰ ভিতৰতে ম‌ই খহি পৰিব পাৰোঁ
ৰাস্তাৰে কুকুৰ দুটা পাৰ হৈ গৈছে
ধোঁৱাৰ মাজেৰে

ষ্টোভত তুলি দিয়া কেৰাহীৰ পকি উঠা তেলবোৰ
একো একোটা তীৰ্যক চকু
অনাহাৰে কটোৱা ফেশ্বনত মই অভ্যস্ত নহয়
মোৰ কোঠাই কোঠাই কেইবাটাও ভোকাতুৰ শগুন
শগুনৰ আগ্ৰাসনত মই ভীতসন্ত্ৰষ্ট

মোৰ বিশ্বাস ভিন্ন । প্ৰাৰ্থনা ভিন্ন । তপস্যা ভিন্ন । হৃদস্পন্দন ভিন্ন । মোৰ সুখৰ গুহাত নিৰ্লিপ্ত ছায়ামূৰ্তি কুঁজা হৈ নিদ্ৰামগ্ন ।

এনেই ভাবোঁ-
কিমান অতিশব্দৰ সহায়ত বাদুলী এটা ধপধপাই উৰি যায়
কিমান অতিশব্দত কুকুৰে ভূইকঁপৰ উমান পায়

ম‌ই ধুপুচকৈ পৰা দেখি বাদুলীটোৱে ভাবে-
কিমান ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ অংকত মানুহ এইদৰে পৰি যায়

ক্ষণিকৰ বাবে বহুবাৰ ভাবিছোঁ

প্ৰশান্তিৰ কুণ্ডলীৰ পাকত হেৰাই যায় ধূপৰ ধোঁৱা
উদ্ধত আকাশ দেখি মেঘে নিজকে চুৰিকাঘাত কৰে
বৰফৰ আঙুলিৰে সৰি পৰে তেজ
অহা জনমত ময়ো যদি বৰফ হ‌ওঁ !

নিলগত মোৰ অন্ত্যেষ্টিক্ৰিয়াৰ ধোঁৱাবোৰ থূপ খাইছে
নিলগৰ পাহাৰত কোঁৰে খন্দা ৰাতি এটাই মূৰ আফালিছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here