“অভিযাত্ৰী: অন্য এক নাৰীবাদ”

অনন্যা কাশ্যপ

বিংশ শতিকাৰ পুৰুষতান্ত্ৰিক কূপমন্ডুক সমাজৰ শিপা উভালি নাৰীসত্বাক আগুৱাই নিয়াৰ সপোন দেখিছিল তেওঁ। নাৰী- পুৰুষৰ সামৰ্থৰ ওপৰত সমাজে আঁৰি দিয়া বৈষম্যতাৰ উৰণি ফালি নতুন দিগন্তক হাত বাউল দি মাতিছিল তেওঁ। সুস্থ সমাজ আৰু সুস্থ জীৱন প্ৰণালীৰে সমাজ গঢ়িবলৈ যাওঁতে কাঁইটীয়া যাত্ৰাৰ নিৰন্তৰ ‘অভিযাত্ৰী’ আছিল তেওঁ। এইগৰাকী চন্দ্ৰপ্ৰিয়া অৰ্থাৎ চন্দ্ৰপ্ৰভা শইকীয়ানী ডাঙৰীয়ানীৰ কথা ক’বলৈ যাওঁতে হয়তো লিখক/লেখিকাৰো হাত কঁপিব। ইমান উত্থান পতনৰ পিছতো কেনেদৰে হাঁহি হাঁহি সুখ বিলাব পাৰি তেওঁৰ দৰে এগৰাকী নাৰীয়েহে বুজিব।

তেওঁৰ জীৱনযাত্ৰা পিতৃ, গাওঁবুঢ়া ৰাতিৰাম মজুমদাৰৰ ঘৰৰ পৰা নিতৌ দুইমাইল বাট বোকা পানীয়ে গচকি কঁঠালমূৰী স্কুললৈ যোৱাৰ পৰা আৰম্ভ কৰি নগাঁৱৰ মিছন স্কুলত বিদ্ৰোহিনী নাম লৈ জীৱনৰ প্ৰথমখন যুঁজত প্রকাৰন্তৰে জয়ী হৈ একাংশ ভীৰু প্ৰাণৰ সহপাঠীৰ মনত সাহসৰ অগ্নিশিখা জগাই তোলা আৰু কত যে কি ৰোমাঞ্চকৰ কাহিনীৰ সমাহাৰ। তেওঁৰ এই সমগ্ৰ চিফুং সুৰেৰে বদ্ধ জীৱনজোৰা সাধনাত হাত ফুৰাই সাহিত্যৰ নৱৰস ঢালি কিংবদন্তি সাহিত্যিক নিৰুপমা বৰগোহাঞি এ “অভিযাত্ৰী”ৰ দৰে এখনি মননশীল, পঠনীয় জীৱনীৰ আকাৰ দিছে। এইখিনিতে দুইগৰাকী নাৰীৰ(এগৰাকী লেখিকা আৰু আনগৰাকী মুখ্য চৰিত্ৰৰ) ব্যক্তিত্বৰ বৰ্ণাঢ্যতাই গোটেই জীৱনীমূলক ৰচনাখন অলংকৃত কৰিছে ভিন্ন-অভিন্ন ৰঙেৰে। এনে এগৰাকী লেখিকাৰ লিখনিশৈলী আৰু প্ৰকাশভংগীৰ নিখুঁততাত মন্তব্য কৰিবলৈ যোৱাটো চূড়ান্ত ধৃষ্টতা প্ৰদৰ্শনৰ নমুনাহে হ’ব। চন্দ্ৰপ্ৰভাৰ সমস্ত জীৱন সামৰি লেখিকাই ৰচনাৰ আদিতে ৰবীন্দ্ৰনাথ দেৱৰ অত্যন্ত উপযুক্ত কবিতাৰ পংক্তি এটি দাঙি ধৰিছে —
‘ দু:খেৰ দুৰ্গম পথে
তীৰ্থযাত্ৰা কৰেছি একাকী
হানিয়াছে দাৰুণ বৈশাখী ।
নিন্দাৰ কন্টকমাল্য
বক্ষ বিন্ধিয়াছে বাৰে বাৰে
বৰমাল্য জানিয়াছি তাৰে ।।’

নৈখনে যেনেকৈ কাৰোৱে অনুমতি নিবিচাৰে, চিৰপ্ৰবাহিতাই তাৰ ধৰ্ম আৰু চিৰকালৰ কৰ্ম। তেনেকৈয়ে চন্দ্ৰপ্ৰিয়াই কাৰোৰে অনুমতি নোলোৱাকৈ নিজৰ মতাদৰ্শৰে আগবাঢ়ি সাহসৰ উৎকৃষ্ট নিদৰ্শনৰ প্ৰতিভূ হৈছিল। “শৈক্ষিক আৰু সাহিত্য বিপ্লৱ”ত কঠোৰ মনোনিৱেশ কৰা চন্দ্ৰপ্ৰভাই বাল্য বিবাহৰ পিছতেই তেনে এক অবুজ সাংসাৰিক জীৱনৰ পৰিসমাপ্তি ঘটাই নিজ গৃহলৈ উভতিছিল। লেখিকা নিৰ্মলপ্ৰভা বৰদলৈৰ ভাষাত “পথকে সৰ্বস্ব কৰি লোৱা মানুহজনী পুনৰ পথলৈ ওলাই আহিছিল”। জীৱনৰ কিছু কাল শিক্ষয়িত্ৰীৰ ৰূপত নিজকে সাপি দিছিল তেওঁ। অভাৱগ্ৰস্ততাত পৰি একেবাৰে নূন্যতম শিক্ষা খিনিও আহৰণ কৰিব নোৱাৰা কণ কণ শিশুবোৰক শিক্ষা প্ৰদান কৰি সিহঁতৰ মাজত জ্ঞান অন্বেষণৰ আৰু কৌতূলহলৰ বীজ সিঁচি দি পৰম শান্তি লাভ কৰা চন্দ্ৰপ্ৰভাৰ বাবে কিন্তু অন্য এখন সমাজেও হাত বাউল দি মাতি আছিল, সেয়া তেওঁ উপলব্ধি কৰিছিল তেজপুৰত শিক্ষকতা কৰি থকাৰ কালছোৱাত। সেই সময়ছোৱাত কৃষ্ণকান্ত সন্দিকৈ, জ্যোতিপ্ৰসাদ আগৰৱালা, চন্দ্ৰনাথ শৰ্মা, কিৰণময়ী আগৰৱালা আদি ব্যক্তিৰ সান্নিধ্যত তেওঁ অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিৰ মেল-মিটিঙত উপস্থিত থাকি দেশপ্ৰেমৰ আৰু দহজনৰ হিত সাধিবৰ বাবে একাণপতীয়া চেষ্টাত ব্ৰতী হয়। স্বাৱলম্বীতা আৰু স্বাধীনতাৰ আদৰ্শৰে মহীয়ান হৈ বৰপেটা, বজালী, তেজপুৰ, নগাওঁ কে আদি কৰি সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলা, প্ৰত্যেকটো মহকুমাতে তেখেতে সজাগতা সৃষ্টিৰ কামত নদী-ঘাট, বাট-পথ সমূহকে ঘটালি বহুবাৰ ৰঙাঘৰৰ অতিথি হৈছিল। পুলিচবিষয়াৰ সমুখতো গৰ্জন কৰি উঠা, ন্যস্ত স্বাৰ্থ ত্যাগী দেশৰ প্ৰাপ্য আদায়ত সদায়ে আগৰণুৱা শইকীয়ানী ডাঙৰীয়ানীয়ে নিজৰ বাবে সাঁচি থোৱা অত্যন্ত তাকৰ সময়খিনিও অতিবাহিত কৰিছিল “অপৰাজিতা”, “কন্টকমালা”, “পিতৃভিঠা” আদিৰ দৰে ইতিহাস প্ৰমূল্য গ্ৰন্থৰ সৃষ্টিৰাজিত আৰু অন্যান্য সৃজনশীল, মননশীল চিন্তাধাৰাৰ উৎকৃষ্ট সাধনত। বাকপটুতাৰে জগত জিনিব পৰা ক্ষমতা আৰ্জি লোৱা এইগৰাকী নাৰীয়েই আকৌ সমাজৰ দৃষ্টিত আন এটা কলংক সানি লৈছিল। প্ৰেমৰ উপহাৰস্বৰূপ “অতুল”(পুত্ৰ)ক পিতৃ পৰিচয় অবিহনেই নিজৰ সাঁচত গঢ়ি তুলিছিল যদিও কলঙ্কৰ কালিমা সানি লৈ হেজাৰবাৰ অৱহেলিত হৈয়ো মনৰ দুৱাৰত তলা ওলোমাই চিৰদিনৰ বাবে দণ্ডী নাথ(অতুলৰ পিতৃ)ৰ আনুগত্য স্বীকাৰ কৰি লৈছিল। নাৰীৰ মন তুলা লেখীয়া, ফু মাৰিলেই উৰি যাব আৰু পানীৰে তিয়ালেই গধুৰ হৈ পৰিব। তাক আকৌ সেই আগৰ স্বভাৱলৈ ঘূৰাই আনিবলে’ হিন্দু ধর্মৰ ৩৩ কোটি দেৱতাও অপাৰগ। তেনেকৈয়ে সংসাৰ বান্ধোনত সোমাই পৰা চন্দ্ৰপ্ৰভাই সংসাৰ ধৰ্ম মূৰ পাতি লৈ আৰু মনটো মাহেকৰ মূৰত অহা দণ্ডী নাথৰ কেতিয়াবা তিক্ত, কেতিয়াবা সিক্ত চিঠি কেইখনৰ জাপত সুমুৱাই ইপিনে “অসম প্ৰাদেশিক মহিলা সমিতি”ৰ প্ৰচাৰ-প্ৰসাৰৰ দায়িত্বত দেহে-কেঁহে লাগি খাৱন-শোৱণ সমুদাই পিঠি দিছিল।

কিন্তু কিমান দুৰ্ভাগ্য থাকিলে এজনী চন্দ্ৰপ্ৰভাৰ জন্ম হয় সেয়া যেনেকৈ কল্পনা কৰাটোও যন্ত্ৰণাদায়ক তেনেকৈয়ে কিন্তু সুখজনক ও চন্দ্ৰপ্ৰভাৰ অটল অলৰ স্বভাৱ কৰ্ষণ কৰাটো। দুখ আছিল, দুখৰহিত কোনোৱে নাই, কিন্তু চন্দ্ৰই পায়ো সকলো হেৰুৱাইছিল। চন্দ্ৰৰ ভনীয়েক ৰত্নেশ্বৰী, পিছলৈ ৰজনীপ্ৰভা খ্যাত হৈ পৰা অসমৰ প্ৰথম স্ত্ৰীৰোগ বিশেষজ্ঞা গৰাকীয়ে যেতিয়া অকাল, অসহ্য মৃত্যুক সাৱটি চন্দ্ৰৰ অন্তৰত চিৰকলীয়া আঘাত হানিছিল তেতিয়াও তাই কান্দি কান্দি নৈ বওৱাৰ শেষত আকৌ শুকুৱাই কৰ্কৰীয়া হোৱা চকুযুৰিত জালুকৰ গুৰিৰ লেপনৰ দৰে মাক গঙ্গাপ্ৰিয়ায়েও ইহদেশৰ পৰা মেলানি মাগিছিল। সাংসাৰিক দুখত জৰ্জৰিত চন্দ্ৰ বাইদেৱে পুত্ৰ অতুলৰ অস্তিত্বকেই সাৰথি কৰি খেৰসূতাৰ লগত নিজকে নিৰিজাই সূৰ্যগ্ৰহণৰ পিছৰ ৰাঙলী আভা খিনিৰ দৰে নিজৰ জীৱনটো তুলনা কৰিবলৈ শিকিছিল আৰু মনত পেলাইছিল মাঝেৰপাড়াৰ ছাত্ৰীসকলৰ মুখত শুনা কবিতাফাঁকি “গত দিবসের যত ব্যথা যত কালি, প্রতি ঊষা দেয় নবীন আশার আলো দিয়ে প্রক্ষালি”। দুখৰ উপত্যকাত সুখৰ ফল্গুধাৰা বোৱাই দিছিল অতুলৰ মৰমী “মা” শব্দই আৰু অৱশিষ্টভাগৰ দাগ মচি সুখ উদযাপনৰ কৃতিত্ব কঢ়িয়াইছিল চন্দ্ৰই হাতে গঢ়া মহিলা সমিতি খনৰ অতিকৈ সহজ সৰল, চেনেহী কৰ্মোদ্যমী তিৰোতা খিনিৰ সন্নিধ্যই। পিছলৈ এই মহিলা সমিতি খনৰে ইতিহাস বৰ্ণাই চন্দ্ৰ বাইদেৱে “ইতিবৃত্ত”ৰ ৰচনা কৰিছিল। “অভিযাত্ৰী” নামৰ প্ৰথম অসমীয়া মহিলা আলোচনী খনৰ মুখপাত্ৰ হোৱাৰে পৰা আৰম্ভ কৰি মহিলা সমিতিৰ দ্বাৰা পৰিচালিত অনাথ আশ্ৰম খনৰ পৰিচর্চাৰ বাবে দুৰ্ভগীয়া তিৰোতাবোৰৰ পুনৰ্সংস্থাপন, শিশু-মাতৃৰ মঙ্গলৰ বাবে সেৱা প্ৰতিষ্ঠানৰ নিৰ্মাণ, বাল্য বিবাহ ৰোধৰ বাবে দুৰ্বাৰ চেষ্টা, অস্পৃশ্যতা দূৰীকৰণ, হৰিজনৰ সেৱা আদি নানান কামত লাগি জীৱনৰ সিংহভাগ খেদাই দিয়া চন্দ্ৰবাইদেৱে কংগ্ৰেছৰ পৰা ১৯৫৭ চনত বিধানসভাৰ নিৰ্বাচনত প্ৰথম মহিলা প্ৰাৰ্থীৰূপত প্ৰতিদ্বন্দিতা কৰিছিল যদিও বিজয়ৰ মুখ নেদেখে। অৱশ্যে এয়া তেওঁৰ স্পষ্টবাদীতাৰ আৰু সত্যবাদীতাৰ কুফল, যিটো স্বভাৱৰ বাবে তেওঁ সততে দুখীয়া-নিপীড়িত মানুহখিনিৰ প্রিয়তম হ’বলৈ সক্ষম হ’লেও ঠিকাদাৰ, মহাজন অথবা ব্যৱসায়ী শ্ৰেণীৰ লোকসকলৰ ভোট সহজে হেৰুৱাবলগা হৈছিল। কিন্তু দুখৰ নেওতা মাতি সুখক অস্বীকাৰ কৰা বিধৰ মানুহ তেওঁ নাছিল, সেইবাবেই দুখহৰ্তা হৈ সদায়ে কাম কৰি যোৱা চন্দ্ৰ বাইদেৱে ১৯৬০ চনত হোৱা ভাষা আন্দোলনৰ সময়তো নিজৰ মাতৃভাষাৰ প্ৰতি হোৱা অন্যায় অবিচাৰ দেখি আকৌ ৰাজপথলৈ ওলাই আহিছিল সদম্ভে-সগৰ্বে আৰু সেই সময়ৰ দেশৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ অসম পৰিদৰ্শনৰ সময়ত নিজে লিখা স্মাৰকপত্ৰখন(অৱশ্যে সেয়া অইনৰ দ্বাৰা ইংৰাজীলৈ অনুবাদ কৰা হৈছিল) মহিলা সমিতিৰ তৰফৰ পৰা আগবঢ়াই ভঙা ভঙা হিন্দীৰে উদ্দাত্ত কণ্ঠেৰে নিজৰ মনৰ ভাৱ প্ৰকাশিছিল। যি সময়ত নাৰীসমাজে পুৰুষৰ সকলো অপৰাধ স্বীকাৰ কৰি লৈ তেওঁলোকৰ ওচৰত নতশিৰে থিয় দিছিল, যি সময়ত নাৰীসকলে নিজৰ সেই দাসত্বক পৰম্পৰা ৰূপে মানি ল’ব শিকিছিল, যি সময়ত সতীদাহৰ মাধ্যমেৰে এগৰাকী বিধৱাৰ জীৱনৰ কৰুণ সমাপ্তি ঘটিছিল, যি সময়ত উচ্চ উৱাসৰ নাৰী কলংকিতা প্ৰমাণিত হৈছিল; সেই সময়তেই চন্দ্ৰই পুৰুষৰ প্ৰত্যেকটো অবিচাৰৰ নিৰঙ্কুশ বিৰোধিতা কৰি, পতিতা হৈয়ো স্বাভিমানেৰে জীয়াই থাকিব শিকাই যোৱা প্ৰত্যেক বিধৱা আৰু দুখীনি তিৰোতাৰেই কণ্ঠস্বৰ হৈ, প্ৰত্যেক নাৰীকে নিজৰে প্ৰাপ্য অধিকাৰৰ হকে যুঁজিবলৈ শিকাই অসমীয়া সমাজত নাৰীবাদৰ যুগৰ সূচনা কৰিছিল। এনে এগৰাকী নাৰীৰ জীৱন সাধনাৰ ওপৰত কবি ৰাম গগৈদেৱে লিখিছিল—-
‘মই পৃথিৱীৰ প্ৰিয়তম কবি, অভিযাত্ৰী।
মই আহি আছোঁ, অক্লান্ত অবিৰাম।
শেষ ক’ত, যাত্ৰাৰ শেষ নাই।
শেষ নাই মোৰ জীৱন জিজ্ঞাসাৰ।’

অসংখ্য ঘাত-প্ৰতিঘাত নেওচি সিংহৰ গৰ্জনেৰে বীৰত্ব আৰু দৃঢ়তাৰে আগুৱাই যোৱা এই যুগান্তকাৰী ৰমণীৰ যুগৰ অন্ত পৰিছিল ১৯৭১ চনত পদ্মশ্ৰী সন্মানৰ সূচনাৰে আৰু তেওঁৰ মৃত্যুৰ সময়ত শেষকৃত্য সম্পন্ন হৈছিল সম্পূৰ্ণ জাতীয় মৰ্যাদাৰে য’ত উপষ্ঠিত হৈছিল তেওঁৰ সহকৰ্মী শ শ মহিলা কমৰেডসকল। এনে এগৰাকী নাৰীৰ নাৰীবাদ আছিল সুস্পষ্ট, সুগঢ়ী আৰু সেই নাৰীবাদৰ অনুকৰণীয়তা কোনোদিনেই ম্লান নহয়। প্ৰচাৰবিমুখ এনে এগৰাকী মহিলাৰ জীৱন দৰ্শন অধ্যয়ন কৰাটোৱে যি এক অসাধাৰণ সুখ প্ৰদান কৰে, সেই অনাবিল সুখৰ ভাগীদাৰ প্ৰত্যেক অসমীয়াই হোৱাটো কাম্য। নিঃস্বাৰ্থৰে কোনো ব্যক্তিয়ে কেনেদৰে আন দহজনৰ হকে নিজৰ জীৱন উৎসৰ্গা দিব পাৰে সেই আদৰ্শ বৰ্তমানৰ প্ৰত্যেক নাৰীবাদৰ সক্ৰিয় কৰ্মীয়ে উপলব্ধি কৰাটো উচিত। তেওঁৰ এই কৰ্মৰাজি এদিন বিশ্বদৰবাৰত এগৰাকী সফল নাৰীবাদী কৰ্মীৰ ৰূপত জিলিকাটো নিতান্তই প্ৰয়োজনীয় আৰু তেওঁৰ আদৰ্শৰ বিস্তৃত প্ৰচাৰ কৰাটো আমাৰ কৰ্তব্য।

LEAVE A REPLY

Please enter your comment!
Please enter your name here