আব্বা নহি মানেঙ্গে

অভিষেক শৰ্মা

“থ্ৰী ইদিয়টছ্” চিনেমাখন আজি কোনোবাই নাই চোৱা বুলি ক’লে নিশ্চয় আচৰিত হ’বলগীয়া কথা। ছবিখন কাৰিকৰী দিশৰ পৰা কিমান শক্তিশালী সেয়া ক’ব নাযাওঁ, আজিকোপতি চলচ্চিত্ৰ প্ৰেমীসকলে এই বিষয়কলৈ তৰ্কা-তৰ্কি লাগিয়েই আছে। ৰাম-ৰাৱণৰ যুদ্ধত আমি বানৰ সেনাই গদা ঘূৰাই লাভ নাই। কিন্তু সামাজিক দিশত চলচ্চিত্ৰখনৰ প্ৰভাৱ কোনোপধ্যে নুই কৰিব নোৱাৰি। হলিউডৰ প্ৰখ্যাত পৰিচালক ষ্টিভেন স্পীলবাৰ্গেও ছবিখনৰ কথা উল্লেখ কৰিছে। ছবিখনত ফাৰহান (আৰ মাধৱন অভিনীত) চৰিত্ৰটি ইঞ্জিনীয়াৰিঙৰ বাবে আগ্ৰহী নোহোৱা কথা আপোনাৰ নিশ্চয় মনত আছে। কিন্তু ফাৰহানৰ ফটোগ্ৰাফীত থকা ৰাপৰ থকা দেউতাকক ক’বলৈ সাহসকণ গোটাব নোৱাৰিলে। কিন্তু ফাৰহানৰ বন্ধুমহলে তেওঁ লুকুৱাই থোৱা চিঠিখন প্ৰেৰণ কৰিছিল, ফলস্বৰূপে তেওঁ হাংগেৰীত নিজৰ সপোন অনুসৰি ফটোগ্ৰাফীৰ সুযোগ পাইছিল, তথাপিও দেউতাকৰ ইচ্ছাৰ বিৰুদ্ধে নিজৰ সপোনৰ সুউচ্চ সৌধ নিৰ্মাণ কৰিবলৈ সংকোচকৰিছিল আৰু ভয়ে ভয়ে কৈছিল সেই বিখ্যাত সংলাপটি “আব্বা নহি মানেঙ্গে”।

পিছে আপোনাৰ চিনেমাদৰ্শনৰ মধুৰ স্মৃতি ৰোমন্থন কৰিয়ে মই পলাই পত্ৰং নিদি মূল কথালৈ আহোঁ। স্কুলীয়া দিনত পদাৰ্থ বিজ্ঞানৰ শিক্ষক গৰাকীয়ে এই দৃশ্যটোৰ কথা কেইবাবাৰো উনুকিয়াইছিল। উদ্দেশ্য এটাই “নিজৰ কেৰিয়াৰ নিৰ্বাচন কৰোঁতে সজাগ আৰু সচেতন হোৱা”। আপোনালোকে নিজে কেৰিয়াৰ সম্পৰ্কত গ্ৰহণ কৰা সিদ্ধান্তটোলৈ সুখীনে? ‘ইণ্ডিয়া টুডে’ৰ সমীক্ষা এটাক অনুসৰি ভাৰতবৰ্ষৰ প্ৰায় ৫০% তকৈ অধিক ছাত্ৰ-ছাত্ৰী নিজৰ কেৰিয়াৰ সংক্ৰান্তীয় সিদ্ধান্তকলৈ সন্দিহান। কিয়? ইয়াৰ কাৰণটো কি বাৰু? ভয় নে শংকা নে আত্মবিশ্বাসৰ অভাৱ? আপুনিও এই ৫০% ৰ এজন হিচাপে কাহানিবা ভাবিবলৈ বাধ্য হৈছিল নেকি ‘আব্বা নহি মানেঙ্গে’ বুলি?

বেছি দূৰ খেপিয়াবলৈ নাযাওঁ, নিজৰ ইঞ্জিনিয়াৰিং ক্ষেত্ৰখনতে সীমাবদ্ধ থাকিম। যদি আপুনি সৰুৰে পৰা শতকৰা ৮০% নম্বৰ আয়ত্ত কৰি আহিছে আৰু গণিতত বিশেষ ব্যুৎপত্তি আছে, তেনেহলে সমাজৰ চলিত প্ৰথা অনুসৰি আপোনাৰ অভিযন্তা হোৱাৰ বাবে যোগ্য। চন্দ্ৰ-সূৰ্য নিজ কক্ষপথৰ পৰা সৰি পৰিলেও আপোনাৰ ইঞ্জিনিয়াৰিং বাদে অন্য কোনো বিধান নাই। বাতৰিকাকত বা টেলিভিচিনৰ পৰ্দাত ভুলতে চকু গলে মৰুভূমিত দিশহাৰা পথিকে নিজৰা আৱিষ্কাৰ কৰাৰ দৰে ৰমেশ-সুৰেশ-দীনেশ কোচিং চেন্টাৰৰ বহুবল্কী বিজ্ঞাপনকেইটাই চকু জুৰ পেলায়, কিন্তু সংস্কৃত শ্লোক এটাত কোৱাৰ দৰেই ‘दूरस्थाः पर्वताः रम्याः'(পৰ্বত এখন দূৰৰ পৰাই ভাল)। ইঞ্জিনিয়াৰিং কলেজত নামভৰ্ত্তি কৰোৱা পৰীক্ষাসমূহতকৈ যে তাত চাৰি বছৰ বৰ্তি থকাটো হাজাৰগুণে কঠিন, এইটো কথা আপোনাক কোনেও কাহানিও নকয়। বহুতো কিশোৰ কিশোৰীয়ে ঘৰ-দুৱাৰ, খেতি পথাৰ বন্ধকত থৈ নামী-দামী কোচিং ক্লাছত নাম লগাই আৰু প্ৰতিযোগিতাৰ দৌৰত উজুটি খাই ক’ৰবাত পৰি ৰয়। মাত্ৰ এটা পৰীক্ষা মৃত্যুঘণ্টা হিচাপে পৰিণত হোৱাটো কিমান শোকৰ কথা। ইয়াৰ বাবে মিডিয়া, সমাজ, মই বা আপুনি কোনেও দায়-দোষৰ পৰা সাৰি নাথাকো।

এতিয়া ইঞ্জিনিয়াৰিঙৰ কথালৈ আহো, সুদীৰ্ঘ চাৰি বছৰ সময় মৰণত শৰণ দি ষান্মাষিকৰ পৰীক্ষাকেইটা পাৰ কৰাৰ পিছত যদিহে এটা জীৱিকা আপোনাৰ হাতত আহি নপৰে তেনেহ’লে? সমীক্ষা অনুসৰি ভাৰতবৰ্ষৰ ৫০ শতাংশতকৈ অধিক অভিযন্তা সম্প্ৰতি নিবনুৱা। ইয়াৰ কাৰণ এইটো নহয় যে ভাৰতত অভিযন্ত্ৰাৰ প্ৰয়োজন নাই, বিশ্বৰ আগশাৰীৰ পৰামৰ্শদাতা প্ৰতিষ্ঠান (Consultancy firm) হিচাপে অভিহিত মেককিঞ্চি এণ্ড কো(McKinsey&Co)ৰ তথ্য অনুসৰি প্ৰতি ৩-৫ বছৰৰ অন্তৰালত বজাৰত উপলব্ধ কাৰিকৰী ৰেহ-ৰূপবোৰ সলনি হয়, উদাহৰণস্বৰূপে আজি অতিকৈ গুৰুত্ত্বপূৰ্ণ ছফ্টৱেৰ এটাও ৫ বছৰ পিছত নাম গোন্ধ নোহোৱা হৈ পাহৰণিৰ গৰ্ভত যাব পাৰে। গতিকে ৪০ লাখতকৈও অধিক অভিযন্ত্ৰা নিয়োগ কৰা মেককিঞ্চিয়ে প্ৰতি ৩-৫ বছৰৰ মূৰে মূৰে ৫০%তকৈ অধিক কৰ্মকৰ্তাক পুনৰ প্ৰশিক্ষণ দিবলগীয়া হয়। কিন্তু যদি আমি সম্প্ৰতি অভিযান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ পাঠ্যক্ৰমলৈ লক্ষ্য কৰোঁ, সেইয়া ককা-আজোককাৰ দিনৰ পৰাই শিলৰ ৰেখাৰদৰে অক্ষত আছে, সেইখিনিকে নাকে কাণে সুমুৱাই অভিযন্তাৰ মোহৰটো মাৰি থকা হৈছে। এছপায়াৰিং মায়িণ্ডছ(Aspiring Minds)ৰ এটা সমীক্ষা অনুসৰি ভাৰতৰ ৬০% অভিযন্ত্ৰাৰ ডিগ্ৰী থাকিলেও কাৰ্যক্ষম নোহোৱা বাবে বজাৰত এলাগী। অখিল ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ(AICTE)ৰ ২০১৬ চনৰ তথ্য অনুসৰি ভাৰতবৰ্ষত অভিযন্ত্ৰাৰ উত্তীৰ্ণৰ হাৰ ৭৮.৬৭% হোৱাৰ বিপৰীতে কৰ্মসংস্থাপনৰ হাৰ ৪১.৩৬%। চলিত ইঞ্জিনিয়াৰিং প্ৰথাটো ডাৰউইনে কৈ থোৱা ‘যোগ্যতমৰ উৰ্ধতম(Survival of the fittest)’ৰ এটা জ্বলন্ত উদাহৰণ। গতিকে তৰা-নৰা ছিঙি ইঞ্জিনীয়াৰিঙৰ দৌৰত দৌৰাৰ আগত নিজকে নিজে কিমান কাৰ্যক্ষমৰ প্ৰশ্নটো সুধি আত্মবিশ্লেষণ কৰি চোৱাটো ভাল।

‘যত দোষ নন্দ ঘোষ’ বুলি আটাইকে দোষী সজালেই আমাৰ দায়িত্বৰ অন্ত নপৰে। শুধৰণিৰ বহুত প্ৰয়োজন আছে, বিগ ডাটা(Big Data) পদ্ধতিৰ সহায়ত ছাত্র-ছাত্ৰীৰ সামগ্ৰিক ব্যুৎপত্তি মূল্যায়ন কৰাৰ লগতে, বিদ্যালয়ৰ দিনৰেপৰা কেৰিয়াৰ কাউনচেলিঙৰ বিভিন্ন দিশৰ আলোচনাৰ দৰকাৰ। ফাৰহানে কোৱাৰ দৰে ‘আব্বা নহি মানেঙ্গে’ বুলি ভয়তে কম্পমান হোৱা পৰিৱেশটো নিৰ্মূল কৰাৰ দায়িত্ব আমাৰ সকলোৰে। অন্যথা নিজৰ বৃত্তিক লৈ অসন্তুষ্ট , ভৰ যৌৱনতে ভাগৰুৱা এমুঠি ল’ৰা-ছোৱালীয়ে নিজৰ ব্যক্তিগত জীৱনৰ লগতে গোটেই সমাজখনৰ সামগ্ৰিক উন্নতি, শান্তি আৰু সন্তোষত বিৰূপ প্ৰভাৱ পেলোৱাৰ দিন তেনেই ওচৰ চাপি আহিব।

2 COMMENTS

  1. ইঞ্জিনাৰিংৰ ছাত্ৰ হিচাপে পঢ়ি ভাল ও লাগিছে ভয় ও লাগিছে।
    ধুনীয়া লিখিছা❣️

LEAVE A REPLY

Please enter your comment!
Please enter your name here