আইৰ আখলৰ পৰা – ৬

উপকৰণ : 500 গ্ৰাম গাহৰি , মেজেঙাৰ গুটি , শুকান বাঁহগাজ , জালুক , শুকান জলকীয়া , আদা , নহৰু , নৰসিংহ আৰু মান ধনীয়াৰ পাত ।

প্ৰণালী : প্ৰথমে গাহৰি মাংস খিনি ডাঙৰ ডাঙৰ কৈ কাটি ষ্টিকত পুৰি ললোঁ অলপ ৰঙা হোৱাকৈ (40%)। পুৰি লোৱাৰ পাছত পুনৰ সৰু সৰু কৈ জোখত কাটি ললোঁ , মই অলপ মান চৰ্বি বেলেগকৈ ৰাখি থলোঁ তেল উলিয়াবৰ বাবে । গৰম পানীত তিয়াই থোৱা শুকান জলকীয়া খিনিত নহৰু আৰু মান ধনীয়া পাত দি পেষ্ট এটা বনাই ললোঁ , আদা খিনি দেখাত ভাল লাগিবলৈ Julienne Cut কৰিলোঁ | তাৰ পাছত কেৰাহী খন অলপমান গৰম কৰি extra কৈ ৰখা চৰ্বি খিনি দি দিলোঁ, 5 মিনিট মান পাছত তেল ওলাই অলপ ৰঙচুৱা হোৱাত মই কাটি থোৱা পুৰা গাহৰি খিনি দি ভালদৰে ল’ৰালোঁ । কেইমিনিত মান পাছত কাটি থোৱা আদা খিনি দি পুনৰ ভাজিলোঁ ভালদৰে । তাৰ পাছত মেজেঙা গুটি , জালুক , আৰু জলকীয়াৰ পেষ্ট টো দি ভালদৰে লৰাই আন্দাজমতে নিমখ দিলোঁ । ঢাকোন খন মাৰি প্ৰায় 10 মিনিটৰ বাবে ৰাখি দিলোঁ । ইয়াৰ পাছত শুকান খৰিচা 3 চামুচ দি ভালদৰে লৰাই আকৌ কেইমিনিত মানৰ বাবে ঢাকি ৰাখিলো । এনেদৰেই মাজে মাজে ঢাকোন খুলি লৰাই থকা পাছত মোৰ ৰেছিপি টো তৈয়াৰ হৈ গ’ল । নমোৱাৰ আগে আগে এখিলা মান ধনীয়া পাত দি গেছ টো অফ কৰি দিলোঁ ।

Orchid's Kitchen & Bakery Assam

LEAVE A REPLY

Please enter your comment!
Please enter your name here