আইৰ আখলৰ পৰা

স্তুতি বন্দনা

বাৰিষাৰ দিনবোৰত বাৰীৰ ঢাপৰ ভীমকলে গজালি মেলে। লহপহকৈ গজি উঠে গছ। তাৰে সেউজীয়া পুলি এটা কাটি অনাৰ যো-জা চলে দুপৰীয়া। কলপুলিটো পিৰালিতে আওজাই থৈ দিয়া থাকে। আইদেৱে মিহিকৈ কুটে। গোমা ৰঙৰ পাকঘৰটোৰ মজিয়াত লেপেটা কাঢ়ি বহি লৈ পাতি দিয়ে কেৰাহী। জুইৰ তাপত পচলাই ৰং সলাই,গোন্ধ সলাই। নিমখ,হালধী আৰু ধোৱাৰ গোন্ধ এটা নাকৰ ওচৰলৈ নিয়ে আইদেৱে আঞ্জা সিজাৰ উমান লয়। ইকৰাৰ ফাঁকেৰে গোন্ধটো বাহিৰ হৈ যায় ইঘৰ-সিঘৰলৈ

উপকৰণ-
১.ভীমকলৰ সৰু পুলি এটা
২.কলখাৰ
৩.জলকীয়া
৪.তেল,নিমখ
৫.এক চামুচ খুন্দি লোৱা নহৰু আদা
প্ৰণালী-
কলপচলাখিনি মিহিকৈ কাটি লৈ পানী তিয়াই অলপ মোহাৰি ল’ব লাগে। এতিয়া গৰম তেলত তেজপাত,পিয়াজ অকণমান কাটি দি ৰঙচুৱা হোৱালৈকে ভাজিব ,ৰঙচুৱা হোৱাৰ লগে লগে কাটিথোৱা কলপচলা খিনি দি লৰাই ঢাকোন মাৰি থ’ব লাগে। পচলাখিনি অলপ সিজা যেন পালে তাত নিমখ আৰু আদা-নহৰু বটা খিনি দি ল’ৰাই পুনৰ ঢাকোন দি সিজিবলৈ দিব লাগে। তাৰ পাছত চাহ চামোচৰ এক চামোচ কলাখাৰ দি (চোক অনুযায়ী কলখাৰৰ পৰিমাণ আন্দাজমতে কম-বেছি কৰি ল’ব পাৰে )পচলাখিনি সম্পূৰ্ণ কৈ সিজিবলৈ দি ,কলপচলাখিনিয়ে পানী শুহি জৰজৰিয়া হ’লে জুইৰ পৰা নমাই থৈ ভাতৰ লগত পৰিবেশন কৰিব পাৰে। এই আঞ্জাবিধত ভাজিথোৱা সৰু মাছ দিলে ইয়াৰ জুতি দুগুণে বাঢ়ে।আপোনালোকে ঘৰত মাছ দিও ইয়াৰ সোৱাদ লৈ চাবচোন

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here