আইৰ আখলৰ পৰা (৪)

ৰাজশ্ৰী দেউৰী

উপকৰণ :

১)এটা গোটা মুৰ্গী ছালৰ সৈতে
২) ২.৫ চামুচ ৰঙা জলকীয়া গুৰি
৩) ১.৫ চামুচ খুন্দি লোৱা আদা
৪) ১ চামুচ খুন্দি লোৱা নহৰু
৫) ০.৫ চামুচ জালুকৰ গুড়ি
৬) ১ চামুচ জিৰা গুড়ি
৭) ২ চামুচ মৌ
৮) ১.৫ চামুচ ভিনেগাৰ
৯) ৫০ গ্ৰাম গেলাই লোৱা মাখন
১০) নিমখ ( সোৱাদ অনুযায়ী)
১১) ৩-৪ টা আলু
১২) ৩ টা পিয়াজ
১৩) এটা গোটা নহৰু
১৪) এটা নেমু

প্ৰণালী:

প্ৰথমতে আমি জলকীয়া গুড়ি, আদা নহৰুৰ পেষ্ট, জালুক, জিৰা, মৌ, ভিনেগাৰ, বাটাৰ আৰু নিমখ একেলগে দি এটা মিহি পেষ্ট তৈয়াৰ কৰি ল’ম।
তাৰ পিছত গোটা মুৰ্গীটোৰ গোটেই গাতে জলকীয়া গুড়ি ভালদৰে সানি দিম। যদি অতিৰিক্ত পেষ্ট ৰৈ যায়, আমি ৰন্ধা অৱস্থাত তাক ব্যৱহাৰ কৰিব পাৰোঁ।
Marinate কৰা মাংসখিনি আমি ভালকৈ ঢাকি, অতি কমেও দুঘণ্টা, বা পাৰিলে গোটেই ৰাতি refrigiratorত থৈ দিম।
Refrigirator ত থ’লে আমি ৰন্ধাৰ ৪৫ মিনিটমান আগত তাক উলিয়াই ল’ম। অ’ভেন ত ব্যৱহাৰ কৰিব পৰা দিছ এখনত আমি আলু, পিয়াজ, নহৰু আৰু নেমুৰ টুকুৰা কাটি তলিত থৈ ল’ম। মুৰ্গীটোৰ ভৰি দুখন আমি Kitchen strings এ ৰে বান্ধি ল’ম (ফটোত দেখুওৱাৰ দৰে) আৰু তাক প্লেটখনত থৈ দিম।
আগৰে পৰা গৰম হৈ থকা অ’ভেনত আমি ইয়াক ২২০°C ত ৯০ মিনিটৰ বাবে bake কৰিম। প্ৰতি ৩০ মিনিটৰ মূৰে মূৰে আমি প্লেটৰ পৰা মচলাখিনি লৈ ইয়াৰ ওপৰত ব্ৰাছ কৰি থাকিম। শেষৰ ৫ মিনিটত আমি তাক অন্তিম বাৰৰ বাবে ব্ৰাছ কৰিম।
Bake হোৱাৰ পিছত আমি তাক aluminium foil এৰে বান্ধি ১০-১৫ মিনিটৰ বাবে স্থিৰ কৰি থ’ম।
এয়া তৈয়াৰ হৈ গ’ল আমাৰ Whole chicken recipe.

LEAVE A REPLY

Please enter your comment!
Please enter your name here