আইৰ আখলৰ পৰা (২)

স্তুতি বন্দনা

উপকৰণ

১.ঔ-টেঙা
২.কঁচু
৩.যি কোনো সৰু ডাঙৰ লোকেল মাছ।
৪.খুন্দি লোৱা আদা নহৰু এক চামুচ
৫.জলকীয়া
৬.অকণমান হালধি,নিমখ
৭.পিঠাগুৰি দুচামুচ

কেৰাহীটো বহাই খোলাত পাতি দিয়া পুঠি-খলিহনাই ইলুটি সিলুটিত ৰং সলাই। বাৰীৰ ঢাপৰ ওখ ঔ জোপাৰ পৰা ফৰ্মূটিত সৰাই অনা কেঁচা ঔ-টেঙা লগতে টুকুৰা টুকুৰ কৈ কাটি লোৱা কঁচু।উতলি থকা পানীত ৰান্ধনীয়ে পেলাই দিয়ে কচু আৰু ঔ-টেঙা। থেতেলাই লোৱা আদা নহৰুৰ অসমীয়া গোন্ধ এটা উতলি থকা পানীখিনিত মিহলি হৈ যায়, লগত অকণমান হালধি আৰু নিমখ। বকবকাই উতলি থাকোতেই খোলাৰ মাছ পেলাই দিয়ে আঞ্জাত। কেঁচা জলকীয়া তিনিটা ফালি ফালি পেলাই দিওতেই গোন্ধই পাক সলাই। উতলি থকা আঞ্জাক ডাঠ কৰিবলৈ বৈয়ামৰ দুচামোচ পিঠাগুৰি লগতে ছটিয়াই মান ধনীয়াৰ পাত। জহকালিৰ দুপৰীয়া কাঁহীৰ কাষৰ মলমলাই থকা টেঙা আঞ্জা, পোৰা-পিটিকাৰ এসাঁজ ভাত। ভাত ঘুমটি নাহিব কাৰ!

5 COMMENTS

  1. খুউব ধুনীয়া । কেৱল খাবলৈয়ে নহয় পঢ়িবলৈয়ো ধুনীয়া । বহুত মৰম থাকিল ।

  2. সুন্দৰ জুতি,পিছে মাছ ৰ লগত নহৰু বিৰুদ্ধ ভোজন বুলি কয়।আপোন জুতি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here