আইৰ আখলৰ পৰা (৩)

প্লাৱিতা দাস

উপকৰণ :

১) আধা কাপ তেল
২) শুকান জলকীয়া ২ টা
৩) গৰম মছলা সোৱাদ অনুযায়ী
৪) পিয়াঁজ ৫ টা, মিহিকৈ কটা
৫) ৩ টা বিলাহী
৬) মুৰ্গী মাংস ১ কেজি
৭) নাৰিকলৰ ৰস ১ কাপ

প্ৰণালী :

প্ৰথমতে আমি আধা কাপ তেল এখন কেৰাহীত দি, অলপ গৰম হোৱাৰ পিছত তাত শুকান মছলা ( গোটা গৰম মছলা ) দিম। মিহিকৈ কটা পিয়াঁজখিনি দি সোণালী ৰঙৰ হোৱালৈকে ভাজিম। তাৰ পিছত বিলাহীখিনি দি অকণ ভাজি, তাত মাংসখিনি দি দিম। আৰু তাৰ পিছত ধনীয়া গুড়ি, জিৰা গুড়ি, ৰঙা জলকীয়া গুড়ি ( আপুনি সোৱাদ অনুযায়ী নিজৰ মতে যোগ দিব পাৰে) ইত্যাদি দিব। নিমখ আৰু হালধি নিজৰ সোৱাদ অনুযায়ী দিব।
মাংসখিনি তেল ওপৰলৈ উঠাৰ পাছত তাত আমি নাৰিকলৰ ৰস একাপ দি দিম আৰু ভালদৰে মিহলি কৰি দিম। আৰু অকণমান ভাজি তাত পানী দিম আৰু ভালদৰে তাপ লাগিবলৈ দিম।
এয়া আমাৰ নাৰিকল দিয়া মাংস প্ৰস্তুত!

LEAVE A REPLY

Please enter your comment!
Please enter your name here