‘5G’ প্ৰযুক্তি আৰু কিছু চিন্তা

মূলত: মানুহে মানুহৰ সংস্পৰ্শত থকাৰ প্ৰয়োজনতে যোগাযোগ তথা দূৰসংযোগৰ বিভিন্ন পদ্ধতি আৰু মাধ্যমৰ আৱিষ্কাৰ হৈছিল। সেই প্ৰয়োজন দিনক দিনে বাঢ়িবলৈয়ে ধৰিছে। লগতে তাৰ স্বৰূপৰো দ্ৰুত প্ৰসাৰণ ঘটিছে। প্ৰযুক্তি-বিজ্ঞানৰ এই খৰতকীয়া উন্নতি ৰ লগে-লগে দূৰসংযোগৰ ক্ষেত্ৰখনত নিতে নতুন সম্ভাৱনাৰ উন্মোচন হ’বলৈ ধৰিছে‌। সময়ৰ লগত খোজ মিলাই চলিবলৈ আৰু লগতে বিজ্ঞান-প্ৰযুক্তিৰ সুফল উপযুক্ত ভাৱে গ্ৰহণ কৰিবলৈ আমি সেইসমূহৰ বিষয়ে জ্ঞাত হোৱাটোও নিতান্তই আৱশ্যকীয়। বেতাঁৰ যোগাযোগ পদ্ধতিত এক শেহতীয়া সংযোজন হ’ল ‘5G’ প্ৰযুক্তি। ‘5G’-এ বেতাঁৰ দূৰভাষ প্ৰযুক্তিৰ ‘পঞ্চম প্ৰজন্ম( Fifth Generation)-ক সূচায়। ‘5G’-ৰ কাৰ্যকৰীকৰণে তথ্যৰ সৰবৰাহ, ইন্টাৰনেটৰ বেগ তথা দূৰসংযোগৰ ক্ষেত্ৰখনলৈ এক ব‍্যাপক পৰিৱৰ্তন আনিব বুলি ভবা হৈছে।।

‘5G’-ৰ সম্পৰ্কে বিতংকৈ আলোচনা কৰাৰ আগেয়ে আমি ইয়াৰ পূৰ্ববৰ্তী বেতাঁৰ সংযোগ পদ্ধতি সমূহৰ বিষয়ে কিঞ্চিত ধাৰণা গোটাই লওঁ।

১৮৭৬ চনৰ ১০ মাৰ্চত আলেকজেণ্ডাৰ গ্ৰাহামবেলৰ প্ৰথম টেলিফোনিক বাৰ্তালাপৰ লগে-লগে দূৰসংযোগৰ ইতিহাসত এক নতুন দুৱাৰ মুকলি হয়। পৰৱৰ্তী সময়ত এই ক্ষেত্ৰখনত অনেক গৱেষণা আৰু বিকাশৰ সূচনা হয়। অৱশেষত ওঠৰ শতিকাৰ দ্বিতীয়াৰ্ধত ‘1G’-ৰ স’তে প্ৰথমবাৰৰ বাবে মানুহৰ পৰিচিতি ঘটে। মানুহে হাতে-হাতে লৈ ফুৰিব পৰা ‘চেলফোন’(cell phone) বা ‘মোবাইল ফোন’(mobile phone)-ৰ প্ৰচলন হয়। ইয়াৰ লগে-লগে দূৰসংযোগৰ এক সম্পূৰ্ণ নতুন অভিজ্ঞতাৰ সূচনা হয়। এয়া আছিল ব‍্যৱসায়িক স্বচালিত চেলুলাৰ নেটৱৰ্ক প্ৰযুক্তিৰ পৃথিৱীখনত মানুহৰ প্ৰথম খোজ। ‘1G’ প্ৰযুক্তিয়ে অৱশ্যে কেৱল কথা পতাৰ সুবিধাহে আগবঢ়াইছিল। এই প্ৰযুক্তিৰ অসুবিধাসমূহ সমাধানৰ চেষ্টাৰ ফলত ১৯৯১ চনত ‘2G’ প্ৰযুক্তি মানুহৰ হাতত পৰেহি। ‘2G’ প্ৰযুক্তিয়ে টেলিফোনিক বাৰ্তালাপৰ লগতে SMS,MMS তথা চিত্ৰ-বাৰ্তা(picture message)আদিৰ সুবিধাও আগবঢ়ায়। ‘2G’-ৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ‘ডিজিটেল’(digital)ৰূপত তথ্যৰ সৰবৰাহ হয়। ‘2G’-ৰ তথ‍্য সৰবৰাহৰ বেগ অৱশ্যে যথেষ্ট কম আছিল। ‘2G’ প্ৰযুক্তিৰ উত্তৰসূৰীৰূপে ১৯৯৮ চন মানত ‘3G’ প্ৰযুক্তিৰ আৰম্ভণি ঘটে। ইয়াৰ লগে-লগে তথ্য সৰবৰাহ তথা ইন্টাৰনেটৰ বেগৰ ক্ষেত্ৰত এক ব‍্যাপক পৰিৱৰ্তন আহে। ‘3G’-ৰ বৰ্ধিত ক্ষমতাই ‘ভিডিঅ’ চোৱা, ‘ভিডিঅ’ৰ দ্বাৰা বাৰ্তলাপ কৰা আদি সম্ভৱপৰ কৰি তোলে। ডাঙৰ আকাৰৰ ‘ই-মেইল’ তথা তথ্যৰ প্ৰেৰণ, দ্ৰুত ইন্টাৰনেট সেৱা, বৰ্ধিত নিৰাপত্তা আদি ‘3G’ প্ৰযুক্তিৰে ফল। সময় আগবঢ়াৰ লগে-লগে উন্নতৰ পৰা উন্নত্তৰ প্ৰযুক্তিৰ সূচনা হ’বলৈ ধৰে। তাৰেই ফলশ্ৰুতিত ২০০৮ চন মানত ‘3G’-ৰ সমান্তৰালভাৱেই ‘4G’-ৰ কাৰ্যকৰীকৰণ আৰম্ভ হয়। ‘4G’ প্ৰযুক্তিৰ লগে-লগে অৱধাৰিত ভাৱে ‘স্মাৰ্টফোন’সমূহ দৃশ্যপটলৈ আহে। ‘4G’ প্ৰযুক্তিৰ ফলত ইন্টাৰনেটৰ বেগ ‘3G’-ৰ তুলনাত অনেক গুণে বাঢ়ি যায়।

যদিও ‘4G’-ৰ প্ৰচলনে দূৰসংযোগৰ পৃথিৱীখনলৈ এক বৈপ্লৱিক পৰিৱৰ্তন আনে তথাপি ইয়াৰো বহুবোৰ সীমাবদ্ধতা ধৰা পৰে। প্ৰধানকৈ ব‍্যহাৰকাৰীৰ ঘনত্ব বাঢ়ি গ’লে ইন্টাৰনেটৰ বেগ বিৰক্তিকৰ ভাৱে কমি যায়। আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ সময়তো ‘4G’- সেৱায়ে সমস্যা দিয়া পৰিলক্ষিত হয়।এনেবোৰ কথায়ে অধিক সুচল প্ৰযুক্তিৰ প্ৰয়োজনীয়তা আনি দিয়ে। তাৰ ফলতে ‘5G’ প্ৰযুক্তিৰ প্ৰচলনৰ সম্ভাৱনাৰ সৃষ্টি হয়।

এতিয়া আহোঁ ‘5G’ প্ৰযুক্তিৰ কথালৈ। বেতাঁৰ দূৰভাষ প্ৰযুক্তিত নৱতম সংযোজন ‘5G’ প্ৰযুক্তিনো আচলতে কি? ই পূৰ্ববৰ্তী প্ৰযুক্তিসমূহৰ পৰা কিদৰে পৃথক? ই ইমানকৈ সকলোৰে মনোযোগ আকৰ্ষণ কৰাৰ কাৰণেই বা কি?

‘5G’ প্ৰযুক্তি হ’ল বেতাঁৰ চেলুলাৰ দূৰসংযোগ ব‍্যৱস্হাৰ পঞ্চম প্ৰজন্ম। ই পূৰ্বৱৰ্তী প্ৰযুক্তিবোৰৰ তুলনাত অনেক গুণ বেছি কাৰ্যক্ষম হ’ব। ‘5G’ প্ৰযুক্তি মূলত: পাঁচটা প্ৰযুক্তিৰ ওপৰত আধাৰিত। প্ৰথম হ’ল মিলিমিটাৰ তৰংগৰ ব‍্যৱহাৰ। এই মিলিমিটাৰ তৰংগৰ প্ৰসাৰ ৩0 গিগাহাৰ্ডজ(30GHz)-ৰ পৰা ৩০০ গিগাহাৰ্ডজ(300GHz) পৰ্যন্ত।ইয়াৰ ব্যৱহাৰে ইন্টাৰনেটৰ বেগ যথেষ্ঠ বঢ়াব। চকুৰ পচাৰতে একোখন চলচিত্ৰ বা আন বৃহৎ আকাৰৰ তথ‍্য আদি ‘ ডাউনল’ড ’ কৰা সম্ভৱপৰ হ’ব। পিছে মিলিমিটাৰ তৰংগৰ এটা অসুবিধা হ’ল ই সহজেই বায়ুমণ্ডল বা আন প্ৰতিবন্ধকৰ দ্বাৰা শোষিত হয়। ফলত সংকেত বোৰ বেছি দূৰলৈ পঠাব নোৱাৰি। ইয়াৰ সমাধানৰূপে দ্বিতীয় টো প্ৰযুক্তিৰ সহায় লোৱা হৈছে। এয়া হ’ল ‘নেটৱৰ্ক’ৰ সৰু সৰু আৱৰ্ত কিছুমান সৃষ্টি কৰা(small cells of network)। তাৰ জৰিয়তে কোনো ব‍্যাঘাত নঘটাকৈ ইন্টাৰনেট সেৱা উপলব্ধ হ’ব।তৃতীয়টো প্ৰযুক্তিক সংক্ষেপে ‘MIMO’ বুলি কোৱা হৈছে। ‘MIMO’ অৰ্থাৎ ‘Multiple Input Multiple Output’।ই তথ্য প্ৰেৰণ আৰু গ্ৰহণৰ একাধিক পথৰ যোগান ধৰে।ই ইন্টাৰনেটৰ সুষম বেগ উপলব্ধ হোৱাত সহায় কৰে।ফলত সহজতে যিকোনো ঠাইৰ পৰা ডাঙৰ আকাৰৰ তথ্য প্ৰেৰণ, চলচ্চিত্ৰ ‘ডাউনল’ড’ আদি কৰিব পৰা যাব।
চতুৰ্থ প্ৰযুক্তিটো হ’ল ‘Beam-forming’। ইয়াৰ সহায়ত সংকেতবোৰ নিৰ্দিষ্ট ব‍্যৱহাৰকাৰীজনলৈহে কেন্দ্ৰীভূতভাৱে পঠাব পৰা যাব।বিভিন্ন দিশৰ পৰা অহা সংকেতবোৰৰ ওপৰা-ওপৰি হৈ আঁসোৱাহৰ সৃষ্টি কৰিব নোৱাৰে।এতিয়া আহোঁ পঞ্চম প্ৰযুক্তিটোলৈ।সেইটো হ’ল ‘Full duplex’।বৰ্তমানৰ চেলুলাৰ ষ্টেচনবোৰে একে সময়তে সংকেত গ্ৰহণ(receive) আৰু প্ৰেৰণ(transmit) কৰিব নোৱাৰে। ‘Full duplex’পদ্ধতিয়ে সেই সমস্যাৰো সমাধান কৰিবলৈ সক্ষম হ’ব।

মাত্ৰ ইমানেই নহয়। ‘5G’-য়ে প্ৰযুক্তি-বিজ্ঞানৰ সমগ্ৰ পৃথিৱী খনলৈ ব‍্যাপক পৰিৱৰ্তন আনিব বুলি ভবা হৈছে। IoT (Internet of Things) অৰ্থাৎ ‘সামগ্ৰীৰ ইন্টাৰনেট’ক ই দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগত পৰিণত কৰিব।লগতে বিভিন্ন বৈদ্যুতিন যন্ত্ৰ-পাতি ব‍্যৱহাৰৰ তথা দূৰ-নিয়ন্ত্ৰণ(Remote Control)-ৰ এক নতুন পৰিৱেশৰ সৃষ্টি কৰিব। চিকিৎসা আৰু অস্ত্ৰোপচাৰ, পৰিবহণ, ঘৰুৱা তথা ঔদ‍্যোগিক যন্ত্ৰ-পাতিৰ ক্ষেত্ৰতো প্ৰযুক্তিৰ এক নতুন মাত্ৰাৰ সৃষ্টি হ’ব।
এতিয়া মনলৈ প্ৰশ্ন আহে এনে এক উন্নত প্ৰযুক্তিৰ ইমানবোৰ যোগাত্মক দিশৰ লগতে নেতিবাচক দিশো জানোঁ নাই?যদি আছে সেইবোৰ কি? সেইবোৰৰ সমাধানসূত্ৰ ওলাবনে?

দৰাচলতে ব‍্যৱহাৰিক আৰু ব‍্যৱসায়িক দৃষ্টিকোণৰ পৰা ‘5G’ প্ৰযুক্তি যিমান চৰ্চিত হৈছে তাৰ তুলনাত স্বাস্হ‍্য আৰু পৰিবেশৰ ওপৰত ইয়াৰ প্ৰভাৱৰ কথা যথেষ্ঠ আওকাণ কৰা হৈছে।কিন্তু ‘5G’-ৰ স’তে জড়িত ৰেডিঅ’ কম্পনাংকৰ নেতিবাচক দিশৰ প্ৰতি সজাগ বিজ্ঞানী তথা চিকিৎসকসকলে মানুহৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা নকৰাকৈ থকা নাই। ২0১৭চনৰ ছেপ্টেম্বৰত প্ৰায় চাৰিশজন বিজ্ঞানী আৰু ডাক্তৰে ইউৰোপীয় সংঘ(European Union)ক এক অনুৰোধ জনায়।তাৰ জৰিয়তে ‘5G’-ৰ স্বাস্হ‍্য আৰু পৰিবেশৰ ওপৰত অধিক গৱেষণা নোহোৱালৈকে ‘5G’-ৰ কাৰ্যকৰীকৰণ স্হগিত ৰাখিবলৈ তেওঁলোকে আবেদন কৰে। ২০১১চনতে বিশ্ব স্বাস্হ‍্য সংস্হাৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় কৰ্কট ৰোগ গৱেষণা (International Agency for Research on Cancer)এ এই কথা কৈছিল যে ৩০কিলোহাৰ্ডজ-৩০০গিগাহাৰ্ডজৰ ৰেডিঅ’ কম্পনাংক কৰ্কটৰোগৰ কাৰক হ’ব পাৰে।সেই গৱেষণাৰ মতে উক্ত কম্পনাংক চিগাৰেটৰ সমানেই ক্ষতিকৰ। পৰবৰ্তী গৱেষণাবোৰেও সেই কথাৰ সত‍্যতা প্ৰতিস্থাপিত কৰে।‘5G’-প্ৰযুক্তিত ব‍্যৱহৃত কম্পনাংকৰ প্ৰসাৰ ৩০গিগাহাৰ্ডজ-৩০০গিগাহাৰ্ডজ।গতিকে বিজ্ঞানী আৰু চিকিৎসক সকলৰ আশংকা নিশ্চিত ভাৱেই ভিত্তীহীন নহয়।ৰেডিঅ’ কম্পনাংকয়ে কৰ্কট ৰোগৰ উপৰি ‘ডি.এন.এ’-ৰ ক্ষতি, প্ৰজনন তন্ত্ৰৰ সমস্যা, স্নায়ুতন্ত্ৰৰ অসুস্হতা আদিও ঘটাব পাৰে বুলি জানিব পৰা গৈছে।কিন্তু বৰ্তমানেও এই দিশত প্ৰয়োজনীয় গৱেষণাৰ অতিশয় অভাৱ পৰিলক্ষিত হৈছে।

দক্ষিণ কোৰিয়া,চীন,ইংলেণ্ড,আমেৰিকাকে ধৰি বহুকেইখন দেশতে ইতিমধ্যে ‘5G’-ৰ ব‍্যৱহাৰ আৰম্ভ হৈছে।ভাৰততো ২০২১ চনৰ দ্বিতীয়াৰ্ধ পৰ্যন্ত ‘5G’ উপলব্ধ হ’ব বুলি ঘোষণা কৰা হৈছে।কিন্তু প্ৰশ্ন হয় দীৰ্ঘম্যাদী প্ৰভাৱৰ কথা নভবাকৈ প্ৰধানকৈ ব‍্যৱসায়িক স্বাৰ্থতে এই খৰখেদা কিমানদূৰ যুক্তিসংগত?ব‍্যৱহাৰিক যোগ‍্যতাৰ খাতিৰতে যিকোনো প্ৰযুক্তিৰে নেতিবাচকতাসমূহ আওকাণ কৰা জানোঁ উচিত?এইক্ষেত্ৰত জনসাধাৰণৰ সজাগতা খুবেই প্ৰয়োজনীয়।জনসাধাৰণৰ সজাগতাই উক্ত বিষয়ত নিৰপেক্ষ চিন্তা-চৰ্চা আৰু অধিক গৱেষণাৰ বাবে তাগিদাৰ সৃষ্টি কৰিব বুলি আশা কৰিব পাৰি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here