“You have to dream before your dreams come true”

– APJ ABDUL KALAM

“প্ৰাঙ্গণ” এক সপোন! হয়তো এক দিবাস্বপ্ন। এই সপোনে বাস্তৱ ৰূপ পালেও ইয়াৰ জন্ম হৈছিল এটি “যাদৃচ্ছিক আইডিয়া”ৰ পৰা। “কাৰ্ণট ইঞ্জিন” নামৰ চাৰিজনীয়া সাধাৰণ “Whatsapp Group” এটাৰ মনত বীজ ৰূপে ৰোপণ হোৱা “প্ৰাঙ্গণ”ৰ আজি অংকুৰণ হল।

হেমাংগিনী, পল্লৱ, প্ৰত্যুষ, বিক্ৰম চাৰিগৰাকী অন্তৰংগ বন্ধুৰে গঠিত “কাৰ্ণট ইঞ্জিন”। নৈমিত্তিক আড্ডাৰ পৰা এখন ই-আলোচনী প্ৰচাৰৰ দায়িত্বভাৰ গ্ৰহণ কৰা লৈকে এই গ্রুপটোৰ বিৱৰ্তন হৈছে।

শদিয়াৰ পৰা ধুবুৰীলৈ নৱ-প্ৰজন্মৰ চিন্তাধাৰাক এখন মঞ্চ প্ৰদান কৰাই হৈছে “প্ৰাঙ্গণ”ৰ মূল উদ্দেশ্য। প্ৰত্যেক সংখ্যাত সু-লিখনিবোৰ সংগঠিত ৰূপত আগবঢ়োৱাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। অৱশ্যে “সম্পাদকীয়” লিখি উলিয়াব পৰা যোগ্যতা আৰু অভিজ্ঞতা দুয়োটাৰে আমাৰ অভাৱ আছে বুলি অনুভৱ কৰোঁ। সেয়েহে “কাৰ্ণট ইঞ্জিনৰ কথাৰে” নামৰ শিতানটোৰে এই প্ৰজন্মৰ প্ৰতিনিধি ৰূপে আমি নিজৰ মনৰ কথা ব্যক্ত কৰিম বুলি মনস্থ কৰিছোঁ।

ইতি
কাৰ্ণট ইঞ্জিন

সদস্যসমূহ-
১) হেমাংগিনী দাস, কটন বিশ্ববিদ্যালয়
hemangineedas123@gmail.com
২) পল্লৱ কুমাৰ দাস, ডিব্ৰুগড় বিশ্ববিদ্যালয়
pallavkumardasquizzer@gmail.com
৩) প্ৰত্যুষ প্ৰতিম দাস, কটন বিশ্ববিদ্যালয়
pratyushpratimdas999@gmail.com
৪) বিক্ৰমজিত দেউৰী
bikramjitdeuri7@gmail.com